এইবাৰ বিপদত প্ৰিয়ংকা গান্ধীঃ ইডিৰ চাৰ্জশ্বিটত উঠিল নাম...

এইবাৰ বিপদত প্ৰিয়ংকা গান্ধীঃ ইডিৰ চাৰ্জশ্বিটত উঠিল নাম...

author-image
Asomiya Pratidin
New Update
এইবাৰ বিপদত প্ৰিয়ংকা গান্ধীঃ ইডিৰ চাৰ্জশ্বিটত উঠিল নাম...

এইবাৰ বিপদত প্ৰিয়ংকা গান্ধীঃ ইডিৰ চাৰ্জশ্বিটত উঠিল নাম...

ডিজিটেল ডেস্কঃ বিপদত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। আৰ্থিক প্ৰতাৰণাৰ এক গোচৰত ই ডিৰ চাৰ্জশ্বিটত প্ৰিয়ংকা গান্ধীৰ নাম। ইয়াৰোপৰি আছে প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভদ্ৰাৰো নাম।

Advertisment

অভিযোগ অনুসৰি দিল্লীস্থিত এটা ৰিয়েল ইষ্টেট ফাৰ্মৰ জৰিয়তে হাৰিয়ানাত অবৈধভাৱে বৃহৎ পৰিমাণৰ ভূমি ক্ৰয়ত জড়িত আছে প্ৰিয়ংকা গান্ধী। ইয়াৰোপৰি এই অভিযোগৰ সৈতে জড়িত হৈ আছে সঞ্জয় ভাণ্ডাৰী আৰু প্ৰবাসী ব্যৱসায়ী চি চি থাম্পিৰ নামো।

এই দুয়োগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে ধনৰ অবৈধ লেনদেনৰ সৈতে জড়িত থকাৰ একাধিক অভিযোগ উত্থাপিত হৈছে। চি চি থাম্পিৰ সৈতে ৰবাৰ্ট আৰু প্ৰিয়ংকাৰ সম্পৰ্ক অতি ঘনিষ্ঠ বুলিও প্ৰকাশ পাইছে।

এই অবৈধ ধনৰ লেনদেন গোচৰত প্ৰিয়ংকা গান্ধীৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰিছে ই ডিয়ে। এই গোচৰত ইতিমধ্যে নাম জড়িত হৈ আছে ৰবাৰ্ট ভদ্ৰাৰ। ৰবাৰ্টৰ ঘনিষ্ঠ ব্যৱসায়ী মনোজ আৰোৰা এই আৰ্থিক প্ৰতাৰণা গোচৰৰ অন্যতম মূখ্য অভিযুক্ত।

কুখ্যাত অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীৰ সৈতে প্ৰিয়ংকা, ৰবাৰ্টৰ আছে ঘনিষ্ঠ সম্পৰ্ক। উল্লেখ্য যে, নেচনেল হেৰাল্ড গোচৰত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক চি বি আইয়ো সোধপোছ কৰিছে।

এইবাৰ প্ৰিয়ংকা গান্ধীও ই ডিৰ ৰাডাৰত অহাত স্বাভাৱিকতে কংগ্ৰেছ শিবিৰত চিন্তাৰ ৰেখাই দেখা দিছে। যিহেতু সন্মুখত লোকসভা নিৰ্বাচন সেয়ে এই গোচৰক কেন্দ্ৰ কৰি প্ৰিয়ংকা গান্ধী তথা কংগ্ৰেছক বস কৰাৰ বাবে বিজেপিয়ে চেষ্টা কৰিব বুলিও ৰাজনৈতিক বিশেষজ্ঞসকলে দাবী কৰিছে।

অৱশ্যে কংগ্ৰেছে এয়া প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছৰ ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টা বুলিহে দাবী কৰিছে।

Also Read: কন্যাৰ পাছত বৰাগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হোৱা বনজিৎ দাসৰো মৃত্যু...

কংগ্ৰেছ ইডি প্ৰিয়ংকা গান্ধী