কন্যাৰ পাছত বৰাগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হোৱা বনজিৎ দাসৰো মৃত্যু...

কন্যাৰ পাছত বৰাগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হোৱা বনজিৎ দাসৰো মৃত্যু...
কন্যাৰ পাছত বৰাগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হোৱা বনজিৎ দাসৰো মৃত্যু...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত নিজ বাসগৃহৰ ভিতৰতে দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হোৱা বনজিৎ দাসৰ জি এম চি এইছত মৃত্যু। বুধবাৰে বিয়লি নিজৰ বাসগৃহৰ ডাইনিং টেবুলত আহত অৱস্থাত উদ্ধাৰ হৈছিল বনজিৎ দাস।

ইয়াৰোপৰি বাসগৃহৰ বিচনাত মৃত উদ্ধাৰ হৈছিল বনজিৎ দাসৰ কন্যা তথা সপ্তম শ্ৰেণীৰ ছাত্ৰী দিদীক্ষা দাস। পত্নী নথকা অৱস্থাত দুয়োকে কোনে, কিয় এইদৰে আক্ৰমণ কৰি হত্যা কৰিলে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

বনজিৎ দাসৰ পত্নী নগাওঁস্থিত সম্পৰ্কীয় লোকৰ ঘৰলৈ যোৱাৰ পাছত বাৰে বাৰে ফোন কৰিও কোনো সহাৰি নোপোৱাত স্থানীয় লোকক অৱগত কৰাত স্থানীয় লোকে বনজিৎ দাসৰ ঘৰলৈ গৈ তেওঁলোক দুয়োকে এই অৱস্থাত উদ্ধাৰ কৰিছিল। ইয়াৰ পাছতে প্ৰথমে এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পাছত বনজিৎ দাসক জি এম ছি এইছলৈ স্থানান্তৰ কৰা হৈছিল।

ইফালে স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা ভাষ্য অনুসৰি বুধবাৰে বৰাগাওঁ অঞ্চলত বনজিৎ দাসৰ জ্যেষ্ঠ ভাতৃ আৰু তেওঁৰ গাড়ী চালকজনক প্ৰত্যক্ষ কৰিছিল। অৱশ্যে তেওঁলোকে বনজিৎ দাসৰ ঘৰত এই দুয়োজন প্ৰৱেশ কৰিছিল নে নাই সেই বিষয়ে নাজানে বুলিও কৈছিল।

তাৰ ভিত্তিতে স্থানীয় আৰক্ষীয়ে দুয়োকে সোধ-পোছ চলাই আছে বুলিও জানিব পৰা গৈছে। আৰক্ষীৰ সঠিক তদন্ততহে এই সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য ফাদিল হ'ব বুলি ধাৰণা কৰা হৈছে।

কন্যাৰ পাছত বৰাগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হোৱা বনজিৎ দাসৰো মৃত্যু...
যাত্ৰীবাহী নৈশ বাছৰ মালবাহী ট্ৰাকত খুন্দাঃ জীৱন্তে অগ্নিদগ্ধ ১৩ জনকৈ যাত্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in