পৰীক্ষাত ভাল ফলাফল দেখুৱালে বিনামূলীয়া বিমান যাত্ৰাৰ প্ৰতিশ্ৰুতি বিদ্যালয়ৰ অধ্যক্ষৰ

পৰীক্ষাত ভাল ফলাফল দেখুৱালে বিনামূলীয়া বিমান যাত্ৰাৰ প্ৰতিশ্ৰুতি বিদ্যালয়ৰ অধ্যক্ষৰ

ডিজিটেল ডেস্ক : পৰীক্ষাত ভাল ফলাফল দেখুৱালে বিনামূলীয়া বিমান যাত্ৰাৰ প্ৰতিশ্ৰুতি বিদ্যালয়ৰ অধ্যক্ষৰ । এই প্ৰতিশ্ৰুতি পাঞ্জাৱৰ ফিৰোজপুৰ জিলাৰ শ্বহীদ গুৰদাস ৰাম মেমৰিয়েল চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ ।

প্ৰায় ১২ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই বিদ্যালয় খনৰ চাৰি গৰাকী শিক্ষাৰ্থীয়ে শেহতীয়া দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল । এই পৰীক্ষাত প্ৰায় ১২ বছৰ পাছতহে বিদ্যালয়খনৰ কোনো শিক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰিছিল । শিক্ষাৰ্থী কেইগৰাকীৰ সফলতাত আত্মহাৰা হৈ অধ্যক্ষই কৰিলে এক আকৰ্ষণীয় প্ৰতিশ্ৰুতি ।

এই চাৰি গৰাকী শিক্ষাৰ্থীক বিদ্যালয়খনৰ অধ্যক্ষ ৰাকেশ শৰ্মাই যিকোনো গন্তব্যস্থানলৈ বিনামূলীয়াকৈ বিমান যাত্ৰা কৰাব । ইয়াৰে দুগৰাকী শিক্ষাৰ্থীয়ে ইতিমধ্যেই গোৱাত অনুষ্ঠিত এক্সপো লৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, শিক্ষাৰ্থী দুগৰাকীৰ অভিভাৱক ক্ৰমে পুৰোহিত আৰু মটৰ বাহনৰ মেকানিক । তেনেস্থলত হয়তো আগন্তুক কিছু বছৰলৈ এই বিমান যাত্ৰা সম্ভৱ নহ'ল হৈ শিক্ষাৰ্থী দুগৰাকীৰ ।

বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীৰ এই পদক্ষেপ সচাকৈয়ে প্ৰশংসনীয় । সাধাৰণতে চৰকাৰী বিদ্যালয় সমূহত সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোক সকলৰ শিক্ষাৰ্থী সকলহে পঢ়িবলৈ আহে । এই বিভাজন ইচ্ছাকৃত নহয়, ই সামাজিক শ্ৰেণী বিভাজনৰে এক অংশ । কিন্তু এতিয়া এনেধৰণে শিক্ষাৰ্থী সকলক উৎসাহিত কৰাৰ পদক্ষেপে নিশ্চয়কৈ এক পৰিৱৰ্তন আনিব আগন্তুক সময়ত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in