ফ্ৰান্সৰ পিচত ইউ এ ইলৈ যাত্ৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ফ্ৰান্সৰ পিচত ইউ এ ইলৈ যাত্ৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

author-image
Asomiya Pratidin
New Update
ফ্ৰান্সৰ পিচত ইউ এ ইলৈ যাত্ৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ডিজিটেল ডেস্ক : ফ্রান্সৰ ৰাষ্ট্রপতিৰে যুটীয়া বিবৃতি প্রদান প্রধানমন্ত্রী মোডীৰ। দুয়ো দেশৰ বাৰ্তালাপৰ পিছতে বিবৃতি জাৰি প্ৰধানমন্ত্ৰী মোডী আৰু ফ্ৰান্স ৰাষ্ট্ৰপতি ইমানুৱেল মেক্র’ৰ। দুয়োখন দেশে সন্ত্রাসবাদৰ বিৰুদ্ধে একেলগে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Advertisment

উক্ত আলোচনাত প্রতিৰক্ষা সহযোগিতাৰ ক্ষেত্রতো এক আলোচনা হয়। সকলো সমস্যাৰে সমাধান আলোচনাৰ দ্বাৰা কৰা হ’ব বুলি উল্লেখ প্ৰধানমন্ত্ৰী মোডীৰ। আনহাতে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰতো ফ্রান্স-ভাৰতৰ মাজত সহযোগিতা চলিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ইফালে নৰেন্দ্ৰ মোডীয়ে উক্ত আলোচনাত ফ্রান্সৰ বিশ্ববিদ্যালয়ক ভাৰতত কেম্পাছ খুলিবৰ বাবেও আমন্ত্রণ জনায়। ইয়াৰ পিচতে মেক্র’ৰে আয়োজন কৰা নৈশ ভোজত ভাগ লয় প্রধানমন্ত্রী মোডীয়ে ।

উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে ফ্ৰান্সত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই ভ্ৰমণৰ সময়ছোৱাতে প্ৰধানমন্ত্ৰী মোডীলৈ ফ্ৰান্সৰ সৰ্বোচ্চ সন্মান 'গ্ৰেণ্ডক্ৰছ অৱ দা লেজিয় অৱ অনাৰ' আগবঢ়োৱা হৈছিল।

সম্প্ৰতি প্ৰধানমন্ত্ৰী মোডীয়ে দুদিনীয়া ফ্ৰান্স ভ্ৰমণ সামৰি শনিবাৰে ইউ এ ইলৈ যাত্ৰা কৰে। ইউ এ ই ভ্ৰমণত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা,নিৰাপত্তা আদি কেতবোৰ খণ্ডৰ সন্দৰ্ভত ইউ এ ইৰ ৰাষ্ট্ৰপতিৰ সৈতে এক বৈঠকত নিলিত হ'ব।

Also Read: থাইলেণ্ডত সত্ৰীয়া নৃত্য পৰিবেশন কৰিলে মঙলদৈৰ শিল্পীয়ে

france uae narendra modi