/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/2887fb2d-e671-4bb0-8303-c127dbd15a57/mangaldai.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : সুদূৰ থাইলেণ্ডত সত্ৰীয়া নৃত্য পৰিবেশন মঙলদৈৰ শিল্পীৰ। থাইলেণ্ডৰৰ বেংককত যোৱা ৮ জুলাইত অনুষ্ঠিত কৰা হৈছিল 'দেশ ৰাগ ভাৰত সংস্কৃতি যাত্রা-২০২৩' শীর্ষক আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱ। এই মহোৎসৱত মঙলদৈ ত্রিনয়ন সংগীত মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলে পৰিবেশন কৰে গুৰুজনাৰ সৃষ্টি সত্ৰীয়া নৃত্য।
ত্রিনয়ন সংগীত বিদ্যালয়ৰ অধ্যক্ষ আৰু সত্ৰীয়া নৃত্য শিল্পী কুশল ডেকাৰ নেতৃত্বত প্ৰদৰ্শন কৰা দলটিৰ নৃত্যানুষ্ঠানক উপস্থিত দর্শকসকলে ভূয়সী প্রশংসা কৰে।গুৰুজনাৰ আপুৰুগীয়া সৃষ্টিক বিদেশত পৰিবেশন কৰি ৰাজ্য বাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে মঙলদৈৰ নৃত্য শিল্পীসকলে।
অনুষ্ঠানত সত্ৰীয়া নৃত্যৰ সাধক কুশল ডেকাক 'পদ্মায়ানী বেদান্ত সম্মান- ২০২৩, থাইলেণ্ড' সন্মানেৰে বিভূষিত কৰা হয়। নৃত্যধাম কলা সমিতিৰ অধ্যক্ষ ড° ৰাণী ৰয়ৰ নেতৃত্বত হোৱা এই অনুষ্ঠানত কলাইগাঁও বৰপুখুৰীৰক ৰিয়া চহৰীয়াক উদ্যোক্তাসকলে ইন্টাৰনেচনেল স্ক'লাৰশ্বিপ প্ৰদান কৰে।
Also Read: বোকাখাতত সন্ধানহীন হোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ