আজি দেশে লাভ কৰিব নতুন সংসদ ভৱন...

বহু বাদ-বিবাদৰ অন্তত দেওবাৰে দেশে লাভ কৰিব নতুন সংসদ ভৱন । প্ৰধানমন্ত্ৰী মোডীয়ে কৰিব ভৱনটোৰ উদ্বোধন । "এক ভাৰত শ্ৰেষ্ঠ ভাৰত" দৰ্শন আগত ৰাখি নিৰ্মাণ কৰা হৈছে নতুন ভৱনৰ
আজি দেশে লাভ কৰিব নতুন সংসদ ভৱন...

ডিজিটেল ডেস্কঃ বহু বাদ-বিবাদৰ অন্তত দেওবাৰে দেশে লাভ কৰিব নতুন সংসদ ভৱন । প্ৰধানমন্ত্ৰী মোডীয়ে কৰিব ভৱনটোৰ উদ্বোধন । "এক ভাৰত শ্ৰেষ্ঠ ভাৰত" দৰ্শন আগত ৰাখি নিৰ্মাণ কৰা হৈছে নতুন ভৱনৰ । বিট্ৰেছে নিৰ্মাণ কৰা সংসদ ভৱনৰ পৰিৱৰ্তে এতিয়াৰে পৰা নতুন সংসদ ভৱনত প্ৰণয়ন হ'ব আইন। আজি পুৱা ৭. বাজি ১৫ মিনিটৰ পৰা আৰম্ভ হৈ ২ বজালৈ চলিব নতুন সংসদ ভৱনৰ উদ্ধোধনী অনুষ্ঠান ।

উল্লেখযোগ্য যে চাৰিমহলীয়া এই ভৱনটোৰ নিৰ্মাণত ব্যয় হৈছে ৮৬২ কোটি টকা । নতুন ভৱন নিৰ্মাণ কামৰ দায়িত্ব দিয়া হৈছিল টাট প্ৰপাৰ্টিজ লিমিটেডক । ২০২০ চনত শিলান্যাস হোৱা ভৱনটোৰ নিৰ্মাণ কাৰ্য সম্পন্ন হৈছে ২৯ মাহত ।

এই ভৱনটোত মুঠ ১২৭২ জন সাংসদে একেলগে বহিব পাৰিব । নতুন ভৱনটোত মুঠ তিনিখন মূল দ্বাৰ আছে । সেইকেইখন হৈছে জ্ঞান দ্বাৰ, শক্তি দ্বাৰ, আৰু কৰ্ম দ্বাৰ । তদুপৰি দেশৰ ভৱনটোত দেশৰ সকলো স্থানকে সমানে প্ৰতিনিধিত্ব কৰাৰ ব্যৱস্থা কৰা হৈছে ।

বিৰোধী দল কংগ্ৰেছকে ধৰি ১৫ টাতকৈও অধিক বিৰোধী দলে উদ্বোধনী অনুষ্ঠানৰ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ বিপৰীতে ২৫ টাকৈ বিৰোধী দলে অংশগ্ৰহণ কৰিব আজিৰ অনুষ্ঠানত ।

আজি দেশে লাভ কৰিব নতুন সংসদ ভৱন...
অসম অসামৰিক সেৱাৰ বিষয়াক ৰাজহ চক্ৰ বিষয়া হিচাবে নিযুক্তি দিয়াৰ বিৰোধিতা এল আৰ এছ সন্থাৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in