অসম অসামৰিক সেৱাৰ বিষয়াক ৰাজহ চক্ৰ বিষয়া হিচাবে নিযুক্তি দিয়াৰ বিৰোধিতা এল আৰ এছ সন্থাৰ

অসম অসামৰিক সেৱাৰ বিষয়াক ৰাজহ চক্ৰ বিষয়া হিচাবে নিযুক্তি দিয়াৰ বিৰোধিতা  এল আৰ এছ সন্থাৰ

ডিজিটেল সংবাদ,নলবাৰীঃ সততে বিতৰ্কৰ মাজত সোমাই পৰা নলবাৰী জিলাৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অপৰ্ণা শৰ্মা এইবাৰ নিজ সন্থাৰে অধিকাংশ বিষয়ববীয়া তথা সদস্যৰ ৰোষৰ সম্মুখীন হ'বলগীয়া হৈছে । শেহতীয়াভাৱে আদালতৰ এক গোচৰৰ ঘটনাক কেন্দ্ৰ কৰি তেওঁৰ সন্থাৰে শতাধিক এ এল আৰ এছ বিষয়াই আপত্তি দৰ্শাই লিখিতভাবে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰধান সচিবলৈ পত্ৰ প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে অলপতে ৰাজ্য চৰকাৰে একাংশ এ চি এছ বিষয়াক ঠায়ে ঠায়ে ৰাজহ চক্ৰ বিষয়া হিচাপে নিযুক্তি দিছে । ইয়াৰ পিছতে এ এল আৰ এছ সন্থাৰ সভাপতি তথা পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পনা শৰ্মাই সন্থাৰ সভাপতি হিচাবে এ চি এছ বিষয়ক ভৱিষ্যতে যাতে চক্ৰ বিষয়া হিচাবে নিযুক্তি দিব নোৱাৰে তাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয় ।

গোচৰ নম্বৰ আই এ ( চিভিল ) / ১২৯৪ / ২০২৩ মৰ্মে ইতিমধ্যে মহামান্য আদালতত গোচৰ অব্যাহত আছে । এই ঘটনাৰ বাবে ৰাজ্য জুৰি এ চি এছ বিষয়া সকলৰ মাজত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

অকল এয়াই নহয় নিজৰ সন্থাৰে এ এল আৰ এছ বিষয়াসকলৰ অধিকাংশৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । আনকি সভাপতি অৰ্পনা শৰ্মাৰ এই কাৰ্যৰ বিৰুদ্ধে তেওঁৰ সন্থাৰ মুঠ সদস্য ১৬২ গৰাকীৰ ৮২ গৰাকীৰো অধিক সদস্যই ৰাজহ বিভাগৰ প্ৰধান সচিবক যোৱা ১৮ মেত অভিযোগ দাখিল কৰিছে ।

অভিযোগ পত্ৰত উল্লেখ অনুসৰি সভাপতি অৰ্পনা শৰ্মাই আদালতৰ দাৰস্থ হোৱা বিষয় সন্দৰ্ভত কোনো ধৰণৰ সভা অনুষ্ঠিত কৰি সিদ্ধান্ত লোৱা নাই । আনকি তেওঁলোকক মৌখিক ভাৱেও জনোৱা নাই । এনেকুৱা অগণতান্ত্ৰিক সিদ্ধান্ত লৈ আদালতৰ দাৰস্থ হোৱা বিষয় সন্দৰ্ভত ভৱিষ্যতে কি মোৰ লয় সেয়াও লক্ষণীয় হ'ব বুলি চৰ্চা চলিছে ।

অসম অসামৰিক সেৱাৰ বিষয়াক ৰাজহ চক্ৰ বিষয়া হিচাবে নিযুক্তি দিয়াৰ বিৰোধিতা  এল আৰ এছ সন্থাৰ
কচুৱাত নগাওঁ জিলাৰ কৰ্মচাৰীৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in