দেশৰ আশা আৰু সপোন কঢ়িয়াই জোনবাইৰ দেশলৈ চন্দ্ৰযান-৩ : প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছা বাৰ্তা

দেশৰ আশা আৰু সপোন কঢ়িয়াই জোনবাইৰ দেশলৈ চন্দ্ৰযান-৩ : প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছা বাৰ্তা

author-image
Asomiya Pratidin
New Update
দেশৰ আশা আৰু সপোন কঢ়িয়াই জোনবাইৰ দেশলৈ চন্দ্ৰযান-৩ : প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছা বাৰ্তা

ডিজিটেল ডেস্ক : কিছুসময় পিচতেই মহাকাশলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩য়ে। ইতিমধ্যে আৰম্ভ হৈছে প্ৰহৰ গণনা। জল্পনা-কল্পনাৰ অন্ত পেলাই শুকুৰবাৰে দিনৰ ২-৩৫ বজাত জোনবাই অভিমুখে যাত্ৰা কৰিব চন্দ্ৰযান-৩য়ে।

এই ঐতিহাসিক ক্ষণত ভাৰতীয় মহাকাশ গৱেষণা সংস্থালৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, "ভাৰতৰ মহাকাশ খণ্ডৰ ক্ষেত্ৰত ১৪ জুলাই ২০২৩ সদায় সোণালী আখৰত লিপিবদ্ধ হৈ থাকিব। আমাৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ য়ে যাত্ৰা আৰম্ভ কৰিব। এই উল্লেখযোগ্য অভিযানে আমাৰ দেশৰ আশা আৰু সপোন কঢ়িয়াই নিব।"

উল্লেখ্য যে প্ৰায় ৬১৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে এল ভি এম-৩ ৰকেট (চন্দ্ৰযান-৩)। শ্ৰীহৰিকোটাৰ পৰা মহাকাশলৈ বুলি উৎক্ষেপন কৰা হ'ব চন্দ্ৰযান-৩।

Also Read: ৰোহিত-জয়ছোৱালৰ শতক : ভাৰতৰ বৃহৎ অগ্ৰগতি

narendra modi chandrayaan 3