ৰাজস্থানৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী

ৰাজস্থানৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী

author-image
Asomiya Pratidin
New Update
ৰাজস্থানৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্কঃ ৰাজস্থানত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বুধবাৰে ৰাজ্যখনত একাধিক কাৰ্যসূচীৰে উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে পোনতে পুষ্কৰস্থিত ব্ৰহ্মা মন্দিৰ দৰ্শন কৰে।

Advertisment

মন্দিৰত প্ৰাৰ্থনা কৰাৰ পাছতে ইয়াৰ আশে-পাশে থকা ঘাটসমূহ পৰিদৰ্শন কৰে। পূজা-অৰ্চনা কৰাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী হেলিকপ্টাৰৰে ৰাওনা হয় জয়পুৰৰ কায়াদলৈ। তাত তেওঁ এখন বিশাল ৰাজহুৱা সভাত অংশ লয়।

এই সভাত প্ৰধানমন্ত্ৰী মোডীক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, কৈলাশ চৌধুৰীসহ দলৰ আন নেতাসকলে। আনহাতে প্ৰধানমন্ত্ৰীগৰাকীৰ ৰাজস্থান ভ্ৰমণসূচীৰ অন্যতম কাৰ্যসূচী অনুসৰি তেওঁ আজমেৰৰ এক শোভাযাত্ৰাত অংশ লৈ ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বিজেপিৰ ৯ বছৰীয়া শাসন কালৰ কথা সুঁৱৰি তেওঁ বিভিন্ন গঠনমূলক বক্তব্য আগবঢ়ায়।

উল্লেখ্য যে, চৰকাৰখনৰ এই ৯ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত সভা অনুষ্ঠিত কৰি অনাগত সময়ৰ বাবে প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে।

Also Read: কাশ্মীৰত নিয়াৰ অভিযান : জব্দ বিভিন্ন আপত্তিজনক সামগ্ৰী

narendra modi