কাশ্মীৰত নিয়াৰ অভিযান : জব্দ বিভিন্ন আপত্তিজনক সামগ্ৰী

কাশ্মীৰত নিয়াৰ অভিযান : জব্দ বিভিন্ন আপত্তিজনক সামগ্ৰী

ডিজিটেল ডেস্কঃ কাশ্মীৰৰ ৩স্থানত নিয়া (National Investigation Agency)ৰ অভিযান। বুধবাৰে অনুসন্ধানকাৰী সংস্থাটিয়ে কেডাৰ,OGWsৰ চৌহদত অভিযান চলায়।

পাকিস্তান সমৰ্থিত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা,আল-মহম্মদ-উল-মুজাহিদীন আদিৰ দৰে সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষাৰ সন্দেহত উক্ত চৌহদত নিয়াই অভিযান চলায়। উল্লেখ্য যে কাশ্মীৰত শেহতীয়াকৈ গঠন কৰা একাংশ সন্ত্ৰাসবাদী সংগঠনৰ স্থান হিচাপে চিহ্নিত শ্ৰীনগৰ তথা বুদগাম জিলাত নিয়াই অনুসন্ধান কাৰ্য চলায়।

নিয়াৰ এই অভিযানত বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে। ৰেজিষ্টেন্স ফ্ৰণ্ট,লিবাৰেচন ফ্ৰণ্ট জম্মু-কাশ্মীৰ,মুজাহিদীন গাজৱাট-উল-হিন্দ,জম্মু আৰু কাশ্মীৰ স্বাধীনতা সংগ্ৰামী আদি সংগঠনৰ আশ্ৰয় শিবিৰৰ পৰা নিয়াই কেতবোৰ আপত্তিজনক তথ্যপাতি জব্দ কৰে।

আনহাতে উল্লেখিত স্থানসমূহত নিষিদ্ধ সংগঠনসমূহে একাংশ স্থানীয় যুৱক-যুৱতীক হিংসাত্মক কাৰ্যকলাপৰ লগতে ৰাজ্যখনৰ শান্তি-সম্প্ৰিতিৰ ক্ষেত্ৰত বিঘ্নিত কৰাৰ কামত ব্যৱহাৰ কৰে। ইয়াৰোপৰি এনেবোৰ সংগঠনে স্থানীয় একাংশক বোমা-বাৰুদ প্ৰস্তুত কৰাৰ কৌশল শিকোৱাৰ কামতো ব্যৱহাৰ কৰে বুলি নিয়াই উল্লেখ কৰে।

কাশ্মীৰত নিয়াৰ অভিযান : জব্দ বিভিন্ন আপত্তিজনক সামগ্ৰী
মহকুমাধিপতি লুকুমণি বৰাৰ প্ৰশংসনীয় পদক্ষেপঃ কাৰ্যালয়ত স্থাপন কৰিলে মুকলি পুথিভঁৰাল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in