সুধা মূৰ্তি ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীতঃ নাৰী দিৱসৰ দিনাই দিলে এই খবৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্সত দিলে এই খবৰ
সুধা মূৰ্তি ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীতঃ নাৰী দিৱসৰ দিনাই দিলে এই খবৰ
সুধা মূৰ্তি ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীতঃ নাৰী দিৱসৰ দিনাই দিলে এই খবৰ

ডিজিটেল ডেস্কঃ ভাৰতীয় শিক্ষাবিদ, লেখিকা তথা ইনফোচিছৰ মুৰব্বী নাৰায়ণ মূৰ্তিক ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'এক্স'ৰ জৰিয়তে দিলে এই খবৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ 'এক্স' হেণ্ডেলত লিখিছে- ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাজ্যসভাৰ বাবে সুধা মূৰ্তিক মনোনীত কৰিছে। এই খবৰত মই অতি আনন্দিত। সমাজৰ বিভিন্ন ক্ষেত্ৰত সুধাজীৰ অৱদান অনস্বীকাৰ্য্য। সামাজিক, জনহিতকৰ আৰু শিক্ষাক্ষেত্ৰত তেওঁ অনেক কাম কৰিছে।

উল্লেখ্য যে, নাৰী সৱলীকৰণৰ কথা কৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাৰী দিৱসৰ দিনাই এই খবৰ দিয়া বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। মোডীৰ মতে, সংসদৰ উচ্চ সদনত সুধা মূৰ্তিৰ উপস্থিতি আমাৰ নাৰী শক্তিৰ ক্ষেত্ৰত এক শক্তিশালী পদক্ষেপ। সাংসদ হিচাপে তেওঁৰ আগন্তুক কাৰ্যকালৰ বাবে অভিনন্দনো জনাইছে মোডীয়ে।

ইফালে সুধা মূৰ্তিয়েও তেওঁক ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত কৰা বিষয়টোত আনন্দ প্ৰকাশ কৰিছে। তেওঁ পিটিআইৰ আগত কয়- মই অতি আনন্দিত। সেইদৰে মই অনুভৱ কৰিছো যে মোক আৰু অধিক দায়িত্বও দিয়া হ'ল। মই মোৰ শ্ৰেষ্ঠত্ব দিয়াৰ চেষ্টা কৰিম। ব্যক্তিগতভাৱে মই আনন্দিত কাৰণ দৰিদ্ৰৰ বাবে কাম কৰাৰ ডাঙৰ এক মঞ্চ লাভ কৰিছোঁ।

তেওঁ পুনৰ কয়, এয়া আমাৰ বাবে নতুন অভিজ্ঞতা। সংসদৰ বিষয়ে মই অধ্যায়ন কৰিব লাগিব। মই নাভাবো যে মই এগৰাকী ৰাজনীতিবিদ। মই এগৰাকী মনোনীত ৰাজ্যসভাৰ সাংসদ। মোৰ জোঁৱাই ৰাজনৈতিক পৰিসৰৰ সৈতে মোৰ ৰাজনৈতিক পৰিসৰ সম্পূৰ্ণ বেলেগ। উল্লেখ্য যে, সুধা মূৰ্তিৰ জোঁৱাই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক।

সমাজসেৱা আৰু শিক্ষাক্ষেত্ৰত জড়িত হৈ বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ইনফোচিছৰ মুৰব্বী নাৰায়ণ মূৰ্তিৰ পত্নী সুধা মূৰ্তিয়ে। শেহতীয়াকৈ তেওঁ ৰাজনীতিত যোগদান কৰিব বুলিও চৰ্চা হৈছিল। তেনে চৰ্চাৰ মাজতে নাৰী দিৱসৰ দিনাই তেওঁক ৰাজ্যসভালৈ মনোনীত কৰাৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে। অৱশ্যে কিছুদিন পূৰ্বে তেওঁ উপস্থিত হৈছিলগৈ সংসদ ভৱনত। শীতকালীন অধিৱেশনৰ সময়ত তেওঁক দেখা হৈছিল সংসদ ভৱনত।

১৯৫০ চনৰ ১৯ আগষ্টত জন্মগ্ৰহণ কৰা সুধা মূৰ্তি নিজেও এগৰাকী অভিযন্তা। টাটা ইঞ্জীনিয়াৰিং এণ্ড লোকোমোটিভ কোম্পানীত তেওঁ কৰ্ম জীৱন আৰম্ভ কৰিছিল। দেশৰ বিভিন্ন ৰাজ্যত তেওঁ কাম কৰি অভিজ্ঞতা আহৰণ কৰিছিল। ইয়াৰ পিছত তেওঁ বেংগালুৰুৰ এখন বিশ্ববিদ্যালয়ত শিক্ষকতাও কৰিছিল। কানাড়া, মাৰাঠী, ইংৰাজীসহ বিভিন্ন ভাষাত তেওঁ ৪০ খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছে।

ইতিমধ্যে ২০০৬ চনত তেওঁক ভাৰত চৰকাৰে প্ৰদান কৰিছে পদ্মশ্ৰী সন্মান। ২০২৩ চনত তেওঁ লাভ কৰিছে পদ্মভূষণ সন্মান। সুধা মূৰ্তিৰ দুই সন্তানৰ ভিতৰত অক্ষতা মূৰ্তি বিয়া হৈছে ব্ৰিটেইৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সৈতে।

সুধা মূৰ্তি ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীতঃ নাৰী দিৱসৰ দিনাই দিলে এই খবৰ
শিক্ষামন্ত্ৰীলৈ কেৰেপ নকৰি বিদ্যালয় সংলগ্নকৰণকলৈ ঘিলামৰাত অসন্তুষ্টি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in