শিক্ষামন্ত্ৰীলৈ কেৰেপ নকৰি বিদ্যালয় সংলগ্নকৰণকলৈ ঘিলামৰাত অসন্তুষ্টি...

উন্মোচিত শিক্ষাবিভাগৰ বিশৃংখল স্বৰূপ
শিক্ষামন্ত্ৰীলৈ কেৰেপ নকৰি বিদ্যালয় সংলগ্নকৰণকলৈ ঘিলামৰাত অসন্তুষ্টি...
শিক্ষামন্ত্ৰীলৈ কেৰেপ নকৰি বিদ্যালয় সংলগ্নকৰণকলৈ ঘিলামৰাত অসন্তুষ্টি...

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অভ্যন্তৰত অব্যাহত থকা বিশৃংখল স্বৰূপ উদঙাই জাৰি হোৱা এটা নিৰ্দেশনাকলৈ ব্যাপক ক্ষোভ অসন্তুষ্টিয়ে গা কৰি উঠিছে ঘিলামৰাত। বাস্তৱিক পৰিস্থিতিৰ কোনো ধৰণৰ সম্যক জ্ঞান নথকা মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে বিদ্যালয় সংলগ্নকৰণৰ এক ক্ৰুটিপূৰ্ণ নিৰ্দেশনাৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হৈ উঠিছে ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত।

সংগৃহীত ৰাজহুৱা অভিযোগ অনুসৰি ঘিলামৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মধ্য চামপৰা উচ্চ মাধ্যমিক বিদ্যালয়খন দক্ষিণ, বাংক্লেং, কোঁৱৰ বাৰী, লোৱাৰবাৰী, কেছেৰুগুৰি, কঠালগুৰি, শিয়ালমাৰি, বালিপুখুৰি আদি বৃহত্তৰ অঞ্চল সামৰি প্ৰতিষ্ঠা হোৱা ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান। যোৱা ২০২১ চনত পদ প্ৰাদেশিকীকৰণ হোৱা এই মধ্য চামপৰা উচ্চ মাধ্যমিক বিদ্যালয় বৃহত্তৰ বন্যা বিপন্ন দক্ষিণ ঘিলামৰা অঞ্চলৰ ৫কিলোমিটাৰ ব্যাসাৰ্ধৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান হিচাবে গুণগত বিদ্যায়তনিক সেৱা আগবঢ়াই আহিছে ।

পৰ্যাপ্ত বিদ্যাৰ্থী বিশিষ্ট এইখন বানাক্ৰান্ত এলেকাত স্থাপিত উচ্চ শিক্ষানুষ্ঠানক "বে'চ স্কুল" হিচাবে গণ্য কৰি সমীপৱৰ্তী অঞ্চলৰ যাতায়ত বিধ্বস্ত বানাক্ৰান্ত কৃষিজীৱী ৰাইজৰ বিদ্যাৰ্থীসকলক আনুষ্ঠানিক শিক্ষা প্ৰদানত গুৰুত্ব আৰোপ কৰিছিল ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। পৰ্যাপ্ত আন্তঃগাঁথনি বিশিষ্ট এইখন বিদ্যালয়ৰ অভিভাৱক,পৰিচালনা সমিতি,শিক্ষক-কৰ্মচাৰী গোট, ছাত্ৰ একতা সভা আৰু শিক্ষানুৰাগী ৰাইজৰ সমূহীয়া দাবীৰ পৰিপ্ৰেক্ষিতত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে তদানীন্তন লখিমপুৰ জিলা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ যোৱা ২০২২ চনৰ ৩ ছেপ্টেম্বৰত এক বাৰ্তা যোগে একে চৌহদতে অৱস্থিত জয় মধ্য ইংৰাজী বিদ্যালয়ৰ সৈতে এইখন বিদ্যালয় সংলগ্ন কৰাৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল।

এই সন্দৰ্ভত তদানীন্তন জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ে এক পত্ৰ যোগে মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ এই সামগ্ৰিক দিশ উল্লেখ কৰি অৱগত কৰিছিল। কিন্তু শিক্ষামন্ত্ৰী ডাঃ পেগুৰ লগতে বাস্তৱিক পৰিস্থিতিৰ প্ৰতি কেৰেপ নকৰি মাধ্যমিক শিক্ষা সঞ্চালকালয়ে এই বিদ্যালয়খন দূৰৈৰ এখন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাত জটিল পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকাই দেখা দিছে।

শিক্ষা বিভাগৰ যোৱা ২মাৰ্চৰ নিৰ্দেশনা নং -ই/২৭০৭৬৮/৫৩ জৰিয়তে মধ্য চামপৰা উচ্চ মাধ্যমিক বিদ্যালয়ক অবনৰী পল' উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। একেটা চৌহদতে থকা জয়া মধ্য ইংৰাজী বিদ্যালয়ক এঘৰীয়া কৰি প্ৰায় ৬ কিলোমিটাৰ আঁতৰৰ অৱনৰী পল' উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে কি যুক্তিত শিক্ষা বিভাগে এইখন বিদ্যালয়ক সংলগ্ন কৰিলে সেয়া ৰাইজৰ বাবে সাঁথৰ হৈ ধৰা দিছে।

যাতায়ত বিধ্বস্ত, নদীপৰিয়া, বানাক্ৰান্ত এই বৃহৎ অঞ্চলটোৰ পৰা বাৰিষা কি দৰে প্ৰায় ৬ কিলোমিটাৰ আঁতৰৰ অৱনৰী পল' উচ্চ মাধ্যমিক বিদ্যালয়লৈ শিক্ষাৰ্থীসকল শিক্ষা গ্ৰহণৰ বাবে যাব সেয়া অলপো অনুভৱ নকৰা শিক্ষা বিভাগৰ এই অবিবেচকী কাৰ্যই ক্ষোভিত কৰি তুলিছে শিক্ষাব্ৰতী ৰাইজক। সাধাৰণ বাৰিষা হলেই পথ যোগাযোগবিহীন দুৰ্যোগে চানি ধৰা এই বৃহৎ দুৰ্গম অঞ্চলৰ পৰা কিদৰে প্ৰায় ৬ কিলোমিটাৰ দূৰ অতিক্ৰমী অৱনৰী পল' হাইস্কুললৈ যাব শিক্ষা গ্ৰহণৰ বাবে তাক ভাবি চিন্তিত শিক্ষাসদী ৰাইজ।

গ্ৰাম্য দৰিদ্ৰ শিক্ষাৰ্থীৰ শৈক্ষিক ভবিষ্যত আৰু জীৱনক লৈ নির্লজ হেতালি খেলি মাধ্যমিক শিক্ষা বিভাগে জাৰি কৰা এই ভয়ংকৰ নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা কৰিছে বৃহত্তৰ অঞ্চলবাসীয়ে। শিক্ষাৰ্থীৰ জীৱনৰ প্ৰতি নিৰ্মম ভাবুকি নমাই অনা এনে হঠকাৰী নিৰ্দেশনা বাতিলৰ দাবী জনায় ক্ষুব্ধ ৰাইজে অন্যথাই ব্যাপক ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰাৰ সকীয়নী দিছে।

তাৰোপৰি উদ্বিগ্ন চিন্তিত অভিভাৱকসকলে শিক্ষা বিভাগৰ এই অবিবেচকী সিদ্ধান্ত বাতিল নকৰিলে শিক্ষাৰ্থীসকলক মৰণত শৰণ দি অৱনৰী পল' বিদ্যালয়লৈ যোৱাটো বন্ধ কৰিব বুলি স্পষ্টভাৱে জনাইছে। বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ১০খন গাঁৱৰ বিতুষ্ট ৰাইজ অভিভাৱকে পূৰ্বৰ স্থানতে বিদ্যালয়খনক "বে'চ স্কুলৰ" মৰ্যদা দি ধাৰাবাহিকতা অব্যাহত ৰখাৰ দাবী জনাইছে শিক্ষা বিভাগক। এইক্ষেত্ৰত শিক্ষা মন্ত্ৰী ডাঃ পেগুৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে অভিভাৱক,ৰাইজ আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে।

শিক্ষামন্ত্ৰীলৈ কেৰেপ নকৰি বিদ্যালয় সংলগ্নকৰণকলৈ ঘিলামৰাত অসন্তুষ্টি...
সমাজকৰ্মী ড০ মনীষা বেহললৈ 'ৰাজবালা দাস ৰাষ্ট্ৰীয় বঁটা'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in