৪ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা বসন্তৰ দয়াৰ আবেদন খাৰিজ ৰাষ্ট্ৰপতিৰ

গৰাকী ৪ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা সন্দৰ্ভত দোষী সাৱ্যস্ত হোৱা এজন ব্যক্তিৰ দয়াৰ আবেদন নাকচ কৰে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে।

author-image
Asomiya Pratidin
New Update
৪ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা বসন্তৰ দয়াৰ আবেদন খাৰিজ ৰাষ্ট্ৰপতিৰ

murmu

ডিজিটেল ডেস্কঃ এগৰাকী ৪ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা সন্দৰ্ভত দোষী সাৱ্যস্ত হোৱা এজন ব্যক্তিৰ দয়াৰ আবেদন নাকচ কৰে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে। ৰাষ্ট্ৰপতি ভৱনৰ পৰা এই সংবাদ আহিছে।

Advertisment

২০০৮ চনত মহাৰাষ্ট্ৰত সংঘটিত হৈছিল এই ঘটনা। য'ত দোষীয়ে ৪ বছৰীয়া শিশুক হত্যা কৰি পাথৰেৰে প্ৰহাৰ কৰি হত্যা কৰিছিল। উচ্চতম ন্যায়ালয়ে ২০১৭ চনৰ ৩ মে'ত বসন্ত সম্পাত দুপাৰেৰ (তেতিয়া ৫৫ বছৰ বয়সৰ) পুনৰীক্ষণ আৱেদন খাৰিজ কৰিছিল আৰু তেওঁক ফাঁচীলৈ প্ৰেৰণ কৰিছিল।

ৰাষ্ট্ৰপতিৰ সচিবালয়ে চলিত বৰ্ষৰ ২৮ মাৰ্চত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা বিষয়টো সন্দৰ্ভত এটা পৰামৰ্শ লাভ কৰিছিল। তাৰ পাছতেই চলিত বৰ্ষৰ ১০ এপ্ৰিলত দয়া আৱেদন নাকচ কৰিছিল ৰাষ্ট্ৰপতিয়ে। ২৮ এপ্ৰিলত এই বিষয়ে জনাই ৰাষ্ট্ৰপতি কৰ্তৃপক্ষই।

বোম্বে উচ্চ ন্যায়ালয়ে মৃত্যুদণ্ড বিহিছিল লোকজনক। পৰৱৰ্তী সময়ত তেওঁ উচ্চতম ন্যায়ালয়ত আবেদন জনাছিল যদিও ন্যায়ালয়ে এই ঘটনাক বৰ্বৰ আখ্যা দিছিল।

Also Read: মাধৱদেৱ বিশ্ববিদ্যালয়ত শীঘ্ৰে উপাচাৰ্য নিযুক্তিৰ দাবী

president of india