মাধৱদেৱ বিশ্ববিদ্যালয়ত শীঘ্ৰে উপাচাৰ্য নিযুক্তিৰ দাবী

মাধৱদেৱ বিশ্ববিদ্যালয়ত শীঘ্ৰে উপাচাৰ্য নিযুক্তিৰ দাবী

ডিজিটেল সংবাদ,বিহপুৰীয়া: যি সময়ত অসম চৰকাৰে ৰাজ্যখনৰ একাংশ মহবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰিছে সেই সময়তে অভিভাৱকহীন হৈ পৰিছে নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়৷

বিশ্ববিদ্যালয়খনৰ প্ৰথম গৰাকী উপাচাৰ্য ড° দিবাকৰ চন্দ্ৰ ডেকাৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতেই মিজোৰাম বিশ্ববিদ্যালয়ত যোগদান কৰাৰ পৰিপ্ৰেক্ষিততে উপাচাৰ্য বিহীন হৈ পৰিছে বিশ্ববিদ্যালয় খন ৷ আজিৰ তাৰিখত বিশ্ববিদ্যালয়ত উপাচাৰ্যৰ দায়িত্ব কাৰো ওপৰত ন্যস্ত নোহোৱাত এতিয়া কাৰ্যত বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক কাম কাজ অচল হৈ পৰিছে ৷

এনে অনাকাংক্ষিত পৰিস্থিতিত স্থানীয় বিদ্বান সমাজ উদ্বিগ্ন হৈ পৰিছে৷ উল্লেখযোগ্য যে এই সমগ্ৰ ঘটনাক লৈ অসম চৰকাৰেও চূড়ান্ত উদাসীনতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈ পৰিছে ৷

মহাপুৰুষ মাধৱদেৱৰ নামাংকিত অসমৰ এখন অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠানৰ এই অৱস্থাৰ বাবে কোন দায়ী বুলি সচেতন মহলত প্ৰশ্নৰ উদয় হৈছে৷ এনে পৰিৱেশত ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত কেনকৈ নিৰাপদ হ’ব তাক লৈও ৰাইজৰ মাজত আলোচনা হৈছে ৷

শৈক্ষিক মহলে শীঘ্ৰে বিশ্ববিদ্যালয় খনত উপাচাৰ্য নিযুক্তিৰ দাবী জনাইছে ৷ মন কৰিবলগীয়া কথাটো যে উপাচাৰ্য গৰাকীয়ে বিশ্ববিদ্যালয় খন এৰি যোৱাৰ খবৰ বিশ্ববিদ্যালয়খনৰ শিক্ষক সমাজেই অৱগত নহয় বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

মাধৱদেৱ বিশ্ববিদ্যালয়ত শীঘ্ৰে উপাচাৰ্য নিযুক্তিৰ দাবী
বিদ্যালয়ত খেলি থাকোতেই পকী ফলক খহি ছাত্ৰীৰ কৰুণ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in