৩দিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

১২ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ ১৭ জানুৱাৰীৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতিগৰাকী

author-image
Asomiya Pratidin
New Update
 ৩দিনীয়া  ভ্ৰমণসূচীৰে গুৱাহাটীত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

ডিজিটেল ডেস্কঃ গুৱাহাটীত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ বায়ুসেনাৰ বিশেষ বিমানযোগে বৰঝাৰত উপস্থিত হয় দেশৰ ৰাষ্ট্ৰপতিগৰাকী ৷ ৩ দিনীয়া উত্তৰ-পূৱ ভ্ৰমণ কাৰ্যসূচীৰে সোমবাৰে উপস্থিত হয় দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ।

Advertisment

বৰঝাৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, ৰণজিৎ কুমাৰ দাস, সাংসদ কুইন ওজা,পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি প্ৰতিৰক্ষাৰ বাহিনীৰ বিষয়া সকলে আদৰণি জনায় ৷ 

ইয়াৰ পিছতেই বৰঝাৰ বিমানবন্দৰৰ পৰা হেলিকপ্তাৰ যোগে পোনে পোনে মেঘালয়ৰ তুৰালৈ ৰাওনা হয় ৰাষ্ট্ৰপতিগৰাকী ৷

উল্লেখ্য যে, ১৫ জানুৱাৰী অৰ্থাৎ আজিৰে পৰা তুৰাৰ পি.এ. চাংমা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে পঞ্চম মেঘালয় গেমছ। মেঘালয় গেমছৰ শুভ উদ্বোধন কৰে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷ তুৰাৰ প্ৰশাসনিক ভৱনৰ আধাৰশিলাসহ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে।

ইফালে ১২ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ ১৭ জানুৱাৰীৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতিগৰাকী ৷ 

Also Read: ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনালে সুকণ্ঠী গায়িকা আশা ভোচলেক

himanta biswa saema president of india meghalaya assam