ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনালে সুকণ্ঠী গায়িকা আশা ভোচলেক

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে সোমবাৰে এটা প্ৰতিনিধি দল উপস্থিত হয় বিখ্যাত মংগেশকাৰ পৰিয়ালত

author-image
Asomiya Pratidin
New Update
ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনালে সুকণ্ঠী গায়িকা আশা ভোচলেক

ডিজিটেল ডেস্ক : বহু জল্পনা- কল্পনাৰ অন্ত পেলাই সমগ্ৰ ভক্তৰ বাবে মুকলি কৰা হ'ব অযোধ্যাৰ ৰাম মন্দিৰ। ২২ জানুৱাৰীৰ পবিত্ৰ দিনটোতেই বিভিন্ন ক্ষেত্ৰৰ অগ্ৰজ ব্যক্তিজসকলৰ উপস্থিত উদ্বোধন কৰা হ'ব ৰাম মন্দিৰ।

Advertisment

এই লৈ এতিয়া সমগ্ৰ দেশতে ব্যাপক উৎসাহ- উদ্দীপনাই বিৰাজ কৰিছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত তথা ৰাম মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক উক্ত অনুষ্ঠান লৈ আমন্ত্ৰণ জনোৱা হৈছে।

ৰাজনীতি, ক্ৰীড়া, সাংস্কৃতিক, সমাজিক ইত্যাদি বিভিন্ন ক্ষেত্ৰৰ যোগেদি দেশৰ বাবে অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিসকল উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে সোমবাৰে এটা প্ৰতিনিধি দল উপস্থিত হয় বিখ্যাত মংগেশকাৰ পৰিয়ালত। লতা মংগেশকাৰৰ পৰিয়ালবৰ্গক আমন্ত্ৰণ জনোৱাৰ লগতে প্ৰবীণ গায়িকা তথা সুকণ্ঠী আশা ভোচলেকো উক্ত অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনায়।

ইয়াৰোপৰি জনপ্ৰিয় শিল্পী চনু নিগমকো আমন্ত্ৰণ জনায়। অমিতাভ বচ্চন, অনুপম খেৰ, অজয় দেৱগণ, টাইগাৰ শ্ৰফ, ৰণবীৰ কাপুৰ, মাধুৰী দিক্ষীত, কংকণা ৰানাৱট, আলিয়া ভাট আদিৰ দৰে অভিনেতা-অভিনেত্ৰীকো প্ৰতিনিধি দলটোৱে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান লৈ নিমন্ত্ৰণী শৰাই আগবঢ়ায়।

Also Read: ভোগালীৰ উচাহৰ মাজতে ঢকুৱাখনাত অঘটন

AJAY DEVGN ANUPAM KHER ram mandir amitabh bachchan Asha Bhosale Indian actor and director