অন্ধকাৰৰ মাজতেই বিশ্ববিদ্যালয়ত ভাষণ দিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...

অন্ধকাৰৰ মাজতেই বিশ্ববিদ্যালয়ত ভাষণ দিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...
অন্ধকাৰৰ মাজতেই বিশ্ববিদ্যালয়ত ভাষণ দিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...

ডিজিটেল ডেস্কঃ অন্ধকাৰতেই ভাষণ আগবঢ়ালে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। আজি উৰিষ্যাৰ এখন বিশ্ববিদ্যালয়ত প্ৰায় ৯ মিনিট সময় অন্ধকাৰত ভাষণ আগবঢ়ালে ৰাষ্ট্ৰপতিগৰাকীয়ে।

উৰিষ্যাৰ মহাৰাজা শ্ৰীৰাম চন্দ্ৰ ভঞ্জ দেও বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত সংঘটিত হয় এই ঘটনা। ৰাষ্ট্ৰপতিগৰাকীৰ এই কাৰ্যত মুগ্ধ হৈ পৰিল বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী।

কেৱল সেয়াই নহয়, সামাজিক মাধ্যমতো ৰাষ্ট্ৰপতিগৰাকীৰ এই কাৰ্যৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে নেটিজেনসকল। আজি উৰিষ্যাৰ মহাৰাজা শ্ৰীৰাম চন্দ্ৰ ভঞ্জ দেও বিশ্ববিদ্যালয়ত আছিল দ্বাদশ দীক্ষান্ত সমাৰোহ।

এই অনুষ্ঠানৰ মুখ্য অতিথি আছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আছিল মূল অনুষ্ঠানত। এই প্ৰেক্ষাগৃহত ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণ আগবঢ়াবলৈ যোৱাৰ কিছু সময়ৰ পাছতে হঠাতে বিচ্ছিন্ন হৈ যায় বিদ্যুৎ সংযোগ।

হঠাতে সংঘটিত হোৱা এই ঘটনাত বিব্ৰত নহ’ল ৰাষ্ট্ৰপতিগৰাকী। তেওঁ অব্যাহত ৰাখিলে তেওঁৰ ভাষণ। বিদ্যুৎ বিভ্ৰাতৰ মাজতে তেওঁ প্ৰায় ৯ মিনিট সময় ধৰি আগবঢ়াই থাকিল ভাষণ।

তেওঁ নিজৰ ভাষণৰ মাজতেই ক’লে অন্ধকাৰতো এই বিশ্ববিদ্যালয় সুন্দৰ। অৱশ্যে ৰাষ্ট্ৰপতিৰ অনুষ্ঠানৰ মাজতে এইদৰে বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰা ঘটনাক লৈ সমালোচিত হৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ।

৯ মিনিট সময়তো তেওঁলোকে ঠিক কৰিব নোৱাৰিলে জেনেৰেটৰ। অৱশ্যে এই বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰ আঁৰৰ কাৰণ আছিল প্ৰেক্ষাগৃহৰ ভিতৰৰ সংযোগ বিচ্ছিন্ন।

আনহাতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য সন্তোষ ত্ৰিপাঠিয়ে এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছে। তেওঁ কয়, বিশ্ববিদ্যালয়ৰ এই প্ৰেক্ষাগৃহটো একেবাৰে নতুন। ইয়াৰ বিদ্যুৎ সংযোগৰ দায়িত্বত আছিল TPNODL। তেওঁলোকে জেনেৰেটৰৰো ব্যৱস্থা কৰিছিল। কিন্তু এই ঘটনা হঠাৎ কিদৰে হ’ল আৰু কিয় হ’বলৈ পালে সেয়া বুজি পোৱা নাই।

অন্ধকাৰৰ মাজতেই বিশ্ববিদ্যালয়ত ভাষণ দিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...
অসম আন্দোলনৰ সক্ৰিয় কৰ্মী উপেন চন্দ্ৰ ৰায়ৰ পৰলোকপ্ৰাপ্তি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in