
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান নিৱাসী তথা অবিভক্ত বঙাইগাঁও জিলাৰ আছুৰ প্ৰাক্তন সম্পাদক, অসম আন্দোলনৰ অন্যতম সক্ৰিয় কৰ্মী উপেন চন্দ্ৰ ৰায় ওৰফে অফিচ (৫৫)ৰ আজি ৰাতিপুৱাই আকস্মিকভাৱে পৰলোকপ্ৰাপ্তি হয় । তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধই মৃতকৰ ঘৰত উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।
উল্লেখ্য যে, অঞ্চলটোত সৰবৰাহী ব্যক্তি বুলি পৰিচিত উপেন চন্দ্ৰ ৰায় দীৰ্ঘদিনৰ পৰা বেমাৰত ভূগি আছিল আৰু চিকিৎসাৰ অন্তত শেহতীয়াভাৱে বেমাৰৰ পৰা প্ৰায় আৰোগ্য লাভ কৰিছিল । আজি কাহিলী পুৱাই নিত্যকৰ্ম কৰি পুনৰ বিছনাত শুই পৰাৰ পিছতে উপেন চন্দ্ৰ ৰায় চিৰদিনৰ বাবেই শুই পৰে ।
অসম আন্দোলনৰ ভৰপক সময়ছোৱাৰ অন্যতম সক্ৰিয় কৰ্মী, স্থানীয় বালাজান তিনালী শ্ৰী শ্ৰী বিষ্ণু দেৱোত্তোৰ বজাৰ উন্নয়ন কমিটিৰ প্ৰাক্তনসহ সম্পাদক, বালাজান -তিনালী আঞ্চলিক দূৰ্গা পূজা কমিটিৰ প্ৰাক্তন সভাপতি-সম্পাদক, ভিচিডিচিৰ প্ৰাক্তন সদস্য উপেন চন্দ্ৰ ৰায়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকলৈ শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে ।
আক্ৰাছু, নাথ যোগী ছাত্ৰ সন্থা , বালাজান তিনালী শ্ৰী শ্ৰী বিষ্ণু দেৱোত্তোৰ বজাৰ উন্নয়ন কমিটীৰ কৰ্মকৰ্তাইও মৃতকৰ প্ৰতি অন্তিম শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে । ৩০ নং কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীও উপেন চন্দ্ৰ ৰায়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে ।
ইপিনে বালাজান তিনালী শ্ৰী শ্ৰী বিষ্ণু দেৱোত্তোৰ বজাৰ উন্নয়ন কমিটি আৰু বালাজান -তিনালী আঞ্চলিক দুৰ্গা পূজা কমিটিৰ প্ৰাক্তন কৰ্মকৰ্তা উপেন চন্দ্ৰ ৰায়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কাইলৈ অৰ্থাৎ ৭ মে'ৰ ৰাতিপুৱা ৬:০০ বজাৰ পৰা দুপৰীয়া ১২:০০ বজালৈ ছয়ঘণ্টীয়া বালাজান তিনালী বজাৰ বন্ধ পালন কৰা হ'ব বুলি সদৰি কৰিছে বালাজান তিনালী শ্ৰী শ্ৰী বিষ্ণু দেৱোত্তোৰ বজাৰ উন্নয়ন কমিটীয়ে। মৃত্যুৰ পূৰ্বে উপেন চন্দ্ৰ ৰায়ে সহধৰ্মিনী , দুগৰাকী কন্যা সন্তান আৰু এগৰাকী পুত্ৰ সন্তান ইহজগতত এৰি থৈ যায়।