কেজৰিৱালৰ মন্ত্ৰী সভাত স্থান পালে আতিশী মাৰ্লেনা আৰু সৌৰভ ভৰদ্বাজে...

কেজৰিৱালৰ মন্ত্ৰী সভাত স্থান পালে আতিশী মাৰ্লেনা আৰু সৌৰভ ভৰদ্বাজে...

author-image
Asomiya Pratidin
New Update
কেজৰিৱালৰ মন্ত্ৰী সভাত স্থান পালে আতিশী মাৰ্লেনা আৰু সৌৰভ ভৰদ্বাজে...

কেজৰিৱালৰ মন্ত্ৰী সভাত স্থান পালে আতিশী মাৰ্লেনা আৰু সৌৰভ ভৰদ্বাজে...

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি দুই বিধায়ক সৌৰভ ভৰদ্বাজ আৰু আতিশী মাৰ্লেনাক মন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰিছে। উল্লেখ্য যে, দিল্লীৰ দুই মন্ত্ৰী মনিষ চিছোদিয়া আৰু সতীন্দ্ৰ জৈন দুয়োজনেই দুটা ভিন্ন গোচৰত কাৰাগাৰ আৰু চি বি আইৰ জিম্মাত আছে।

Advertisment

ইফালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মনিষ চিছোদিয়া আৰু সতীন্দ্ৰ জৈনৰ পতদ্যাত পত্ৰও গ্ৰহণ কৰিছে। উল্লেখ্য যে, সৌৰভ ভৰদ্বাজে পূৰ্বে পৰিবহন মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ অভিজ্ঞতাৰে অভিজ্ঞ আৰু আতিশী মাৰ্লেনাই শিক্ষা খণ্ডত মনিষ চিছোদিয়াৰ উপদেষ্টা হিচাপে দায়িত্ব পালন কৰি আছিল।

সতীন্দ্ৰ জৈন যোৱা ৩০ মে'ৰ পৰা তিহাৰ কাৰাগাৰত বন্দী হৈ থকাৰ বিপৰীতে মনিষ চিছোদিয়া যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা চি বি আইৰ জিম্মাত আছে। চিছোদিয়াই পদত্যাগ কৰাৰ পূৰ্বে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও তেওঁৰ হাতত আছিল ১৮ টাকৈ বিভাগ।

আনহাতে সতীন্দ্ৰ জৈন আছিল দিল্লীৰ স্বাস্থ্য, উদ্যোগকে ধৰি মুঠ ৭ টা বিভাগৰমন্ত্ৰী। তেওঁক চি বি আইয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আটাইকেইটা বিভাগৰ দায়িত্ব মনিষ চিছোদিয়াৰ হাতত অৰ্পণ কৰিছিল কেজৰিৱালে

Also Read: পঞ্চভূতত বিলীন হ'ল নৃগোষ্ঠী বিশেষজ্ঞ ইন্দিবৰ দেউৰী...

অৰবিন্দ কেজৰিৱাল মনিষ চিছোদিয়া