পঞ্চভূতত বিলীন হ'ল নৃগোষ্ঠী বিশেষজ্ঞ ইন্দিবৰ দেউৰী...

পঞ্চভূতত বিলীন হ'ল নৃগোষ্ঠী বিশেষজ্ঞ ইন্দিবৰ দেউৰী...
পঞ্চভূতত বিলীন হ'ল নৃগোষ্ঠী বিশেষজ্ঞ ইন্দিবৰ দেউৰী...

ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট নৃগোষ্ঠী বিশেষজ্ঞ ইন্দবৰ দেউৰীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰিলে। গুৱহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা তেওঁৰ নশ্বৰ দেহ পাতৰকুছিৰ নিজ বাসভৱনলৈ লৈ যোৱা হয় আৰু তাৰ পাছত বশিষ্ঠৰ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়।

শ্মশানত ইন্দিবৰ দেউৰীক শেষ শ্ৰদ্ধা জনাবলৈ উপস্থিত হয়গৈ ৰাজ্যৰ শিল্প, সংস্কৃতি, সাহিত্য আদি ক্ষেত্ৰৰে জড়িত কেইবাজনো বিশিষ্ট ব্যক্তি। লোকশিল্পী লোকনাথ গোস্বামী, দেৱেন তামুলী, কিশোৰ কুমাৰ কলিতা, ত্ৰিদিৱ বৰপূজাৰী, ইচফাকুৰ ৰহমান, সুপ্ৰভাত তালুকদাৰ, কিশোৰ কুমাৰ কলিতা, ত্ৰিদিৱ বৰপূজাৰী, ৰবীন্দ্ৰ কুমাৰ দাস, সুপৰ্ণা লিহিড়ী, অনুপ দেউৰী, বিপুল দেউৰী, কমল কুমাৰ মেধি, কৃষ্ণ গগৈ. সমীৰ চৌধুৰী, বীৰেন শৰ্মা আদি।

উল্লেখ্য যে, অসমৰ বৌদ্ধিক, শৈক্ষিক ক্ষেত্ৰখনক যিসকল ব্যক্তিয়ে নেতৃত্ব প্ৰদান কৰি আহিছিল সেই সকলক ব্যক্তিৰ ভিতৰত অন্যতম আছিল ইন্দিবৰ দেউৰী। জননেতা ইন্দিবৰ দেউৰীৰ পুত্ৰ এইগৰাকী ইন্দিবৰ দেউৰীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

অৱশ্যে শেহতীয়াকৈ তেও জনগোষ্ঠীয় শক্তিশালী নেতা ভীমবৰ দেউৰীৰ পুত্ৰ তথা বড়ো সমাজৰ কাণ্ডাৰী ৰূপনাথ ব্ৰহ্মৰ নাতি। যোৱা ২ মাহ ধৰি তেওঁ অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮বছৰ।

পঞ্চভূতত বিলীন হ'ল নৃগোষ্ঠী বিশেষজ্ঞ ইন্দিবৰ দেউৰী...
ফাকুৱাৰ আনন্দৰ মাজতে নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই ছাত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in