চিবিআইৰ সঞ্চালকৰূপে দায়িত্ব গ্ৰহণ প্ৰবীণ সুদৰ...

কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ (চিবিআই)ৰ নতুন সঞ্চালক হিচাপে বৃহস্পতিবাৰে দায়িত্বভাৰ গ্ৰহণ কৰিছে প্ৰবীণ সুদে । নৱ নিযুক্ত সঞ্চালকগৰাকী পূৰ্বে কৰ্ণাটকৰ ডিজিপি পদ অধিস্থিত হৈ আছিল ।
 চিবিআইৰ সঞ্চালকৰূপে দায়িত্ব গ্ৰহণ প্ৰবীণ সুদৰ...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ (চিবিআই)ৰ নতুন সঞ্চালক হিচাপে বৃহস্পতিবাৰে দায়িত্বভাৰ গ্ৰহণ কৰিছে প্ৰবীণ সুদে । নৱ নিযুক্ত সঞ্চালকগৰাকী পূৰ্বে কৰ্ণাটকৰ ডিজিপি পদ অধিস্থিত হৈ আছিল । প্ৰবীণ সুদ হৈছে ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৬ বৰ্ষৰ কৰ্ণাটক কেডাৰৰ আই পি এছ বিষয়া ।

উল্লেখযোগ্য যে যোৱা ১৪ মে'ত দুবছৰৰ বাবে সুদক চিবিআইৰ সঞ্চালকৰূপে নিযুক্তি দিয়া হৈছিল । প্ৰধানমন্ত্ৰী মোডী, উচ্চতম ন্যায়ালয়ৰ মুখ্য় ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু বিৰোধী দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ তিনিজনীয়া পেনেলে সুদৰ নাম চূড়ান্ত কৰিছিল । সুদে ২০২৫ চনৰ মে' মাহলৈ সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰিব । সঞ্চালকগৰাকী দিল্লীৰ আই আই টিৰো প্ৰাক্তন ছাত্ৰ ।

 চিবিআইৰ সঞ্চালকৰূপে দায়িত্ব গ্ৰহণ প্ৰবীণ সুদৰ...
চন্দনা বেজবৰুৱালৈ সংগীত ৰত্ন ৰাষ্ট্ৰীয় সন্মান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in