চন্দনা বেজবৰুৱালৈ সংগীত ৰত্ন ৰাষ্ট্ৰীয় সন্মান...

সংগীতশিল্পী চন্দনা বেজবৰুৱাক প্ৰদান কৰা হয় সংগীত ৰত্ন ৰাষ্ট্ৰীয় সন্মান । নৰ্থ ইষ্ট বিগ কালছাৰেল চছাইটিৰ ১৬ বছৰীয়া বৰ্ণিল যাত্ৰাৰ লগত সংগতি ৰাখি শিল্পী গৰাকীক এই সন্মান প্ৰদান কৰা হয়
চন্দনা বেজবৰুৱালৈ সংগীত ৰত্ন ৰাষ্ট্ৰীয় সন্মান...

ডিজিটেল সংবাদ, বেবেজীয়াঃ সংগীতশিল্পী চন্দনা বেজবৰুৱাক প্ৰদান কৰা হয় সংগীত ৰত্ন ৰাষ্ট্ৰীয় সন্মান । নৰ্থ ইষ্ট বিগ কালছাৰেল চছাইটিৰ ১৬ বছৰীয়া বৰ্ণিল যাত্ৰাৰ লগত সংগতি ৰাখি কন্ঠশিল্পীগৰাকীক এই সন্মান প্ৰদান কৰা হয়। অলপতে গুৱাহাটীৰ কাহিলিপাৰাৰ জ্যোতি চিত্ৰবনত আয়োজিত এক অনুষ্ঠানত নগাঁৱৰ সুৰৰত্ন, সুৰকাৰ প্ৰয়াত যজ্ঞ বেজবৰুৱাৰ জীয়ৰী তথা নগাঁও চহৰৰ মিলনপুৰ নিবাসী চন্দনা বেজবৰুৱাক সৰাফুল গীতটিৰ বাবে এই সন্মান প্ৰদান কৰা হয়।

অনুষ্ঠানৰ আঁত ধৰে হিমাশ্ৰী ৰবিন প্ৰিয়দৰ্শিনীয়ে। গীতটিৰ সংগীত পৰিচালক প্ৰাঞ্জল বৰুৱাৰ । কন্ঠশিল্পীগৰাকীৰ মাতৃ মিনতি বেজবৰুৱাকো উদ্যোক্তাসকলে সম্ভাষণ জনায়। অনুষ্ঠানত অভিনেতা মৃদুল ভূঞা, মৃদুল চেতিয়া, অভিনেত্ৰী প্ৰাঞ্জনা দত্তকে ধৰি যথেষ্ঠ সংখ্যক সাংস্কৃতিকপ্ৰেমী লোক উপস্থিত থাকে ।

উল্লেখ্য যে চন্দনা বেজবৰুৱাই সংগীতৰ সমান্তৰালকৈ সাহিত্য চৰ্চা কৰি আহিছে । ইতিমধ্যে তেওঁৰ দুখন গ্ৰন্থ প্ৰকাশ পাইছে । তেওঁ কবিতা ৰচনা কৰাৰ লগতে গল্প, প্ৰবন্ধ আদিও ৰচনা কৰি আহিছে । বৰ্তমান তেওঁ আকাশবাণী নগাঁও কেন্দ্ৰৰ এগৰাকী স্বীকৃতি প্ৰাপ্ত কন্ঠশিল্পী।

চন্দনা বেজবৰুৱালৈ সংগীত ৰত্ন ৰাষ্ট্ৰীয় সন্মান...
মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে মৰিকলঙৰ এটা পৰিয়ালে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in