দেশলৈ আহিল প্ৰজ্জ্বল ৰেৱান্নাঃ বিমান বন্দৰতে পৰিল আৰক্ষীৰ জালত...

নিৰ্বাচনৰ মাজতে পোহৰলৈ আহিছিল যৌন কেলেংকাৰীৰ ভিডিঅ'
দেশলৈ আহিল প্ৰজ্জ্বল ৰেৱান্নাঃ বিমান বন্দৰতে পৰিল আৰক্ষীৰ জালত...
দেশলৈ আহিল প্ৰজ্জ্বল ৰেৱান্নাঃ বিমান বন্দৰতে পৰিল আৰক্ষীৰ জালত...

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ মাজতেই একাধিক ধৰ্ষণ, যৌন আতিশয্য আৰু অশালীন ভিডিঅ' পোহৰলৈ আহিছিল বিজেপি, জে ডি এছ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ এইছ দি দেৱগৌড়াৰ নাতি প্ৰজ্জ্বল ৰেৱানাৰ। ইয়াৰ পিছতেই দেশ এৰি পলায়ন কৰিছিল ৰেৱানা। দীৰ্ঘদিন জাৰ্মানীত পলাই থকা প্ৰজ্জ্বল ৰেৱান্না বৃহস্পতিবাৰে স্বদেশলৈ ঘূৰি অহাৰ সময়তে বিমান বন্দৰতে তেওঁক গ্ৰেপ্তাৰ কৰে কৰ্ণাটক আৰক্ষীয়ে।

আৰক্ষীৰ খবৰ মতে বৃহস্পতিবাৰে মধ্যৰাতি জাৰ্মানীৰ পৰা দেশলৈ ঘূৰি আহিছিল প্ৰজ্জ্বল ৰেৱান্না। ইয়াৰ পাছতেই বেংগালুৰু আৰক্ষীয়ে কাম্পে গৌড়া আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে জাৰ্মানীৰ পৰা এক ভিডিঅ' বাৰ্তাৰৰ ৰেৱান্নাই দাবী কৰিছিল যে, তেওঁ ৩০ মে'ৰ মাজ নিশা স্বদেশলৈ উভতিব। তেওঁ ৩১ মে'ৰ পুৱা ১০ বজাত আত্মসমৰ্পণ কৰিব। অৱশ্যে জি ডি এছ নেতাজনে আত্মসমৰ্পণৰ সুযোগ নাপালে। মাজ নিশাই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিলে।

ইয়াৰ পূৰ্বে, প্ৰজ্জ্বলে দুবাৰকৈ দেশলৈ উভতি অহাৰ বাবে বিমানৰ টিকট কাটিও বাতিল কৰিছিল। সেয়েহে তেওঁ এইবাৰ দেশলৈ সঁচাকৈয়ে ঘূৰি আহিব নে নাই তাক লৈ আৰক্ষী সন্দিহান হৈ আছিল। অৱশ্যে, বেংগালুৰু আৰক্ষীয়ে কাম্পে গৌড়া বিমানবন্দৰৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল।

তাৰ মাজতে বিমান বন্দৰত আহি উপস্থিত হোৱাৰ লগে লগে তেওঁক কৰ্ণাটক আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলে গ্ৰেপ্তাৰ কৰে। অৱশ্যে, প্ৰজ্জ্বলে বাৰে বাৰে দাবী কৰিছে যে তেওঁ নিৰ্দোষী। ষড়যন্ত্ৰৰহে বলি হৈছে। তাৰ পাছতো তেওঁৰ দল জে ডি এছ তেওঁৰ পক্ষত নাই। প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াই কয় যে, যদি প্ৰজ্জ্বল দোষী, তেন্তে তেওঁক শাস্তি দিয়া হ'ব।

মন কৰিবলগীয়া যে, প্ৰজ্জ্বলৰ বহু অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰিছিল। অভিযোগ অনুসৰি প্ৰজ্জ্বলে গৃহকৰ্মীসকলক তিনি বছৰ ধৰি যৌন নিৰ্যাতন চলাই আহিছিল। তদন্ত আৰম্ভ হোৱাৰ সময়তে তেওঁ দেশ এৰি পলায়ন কৰে। তাৰ মাজতে কৰ্ণাটকৰ সিদ্দাৰামাইয়া চৰকাৰে প্ৰজ্জ্বলক দেশলৈ ঘূৰাই অনাৰ বাবে কেইবাটাও পদক্ষেপ লৈছিল। তাৰ মাজতে কেন্দ্ৰই ব্লু কৰ্ণাৰ জাননীও জাৰি কৰিছিল।

দেশলৈ আহিল প্ৰজ্জ্বল ৰেৱান্নাঃ বিমান বন্দৰতে পৰিল আৰক্ষীৰ জালত...
লামডিং আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in