বানপানীয়ে ক্ষতি কৰা বৃহৎ নদীবান্ধৰ মেৰামতিৰ বাবেই প্ৰয়োজন ১০০ কোটিঃ জুনৰ পৰা আৰম্ভ হ'ব বিদ্যুৎ উৎপাদন...

বানপানীয়ে ক্ষতি কৰা বৃহৎ নদীবান্ধৰ মেৰামতিৰ বাবেই প্ৰয়োজন ১০০ কোটিঃ জুনৰ পৰা আৰম্ভ হ'ব বিদ্যুৎ উৎপাদন...
বানপানীয়ে ক্ষতি কৰা বৃহৎ নদীবান্ধৰ মেৰামতিৰ বাবেই প্ৰয়োজন ১০০ কোটিঃ জুনৰ পৰা আৰম্ভ হ'ব বিদ্যুৎ উৎপাদন...

ডিজিটেল ডেস্কঃ কেতিয়া আৰম্ভ হ'ব সোৱণশিৰিত নিৰ্মীয়মান নদীবান্ধৰ উৎপাদন? এই প্ৰশ্নৰ উত্তৰ দিলে কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে। কেন্দ্ৰীয় শক্তিমন্ত্ৰীগৰাকীৰ মতে আগন্তুক ২০২৪ ৰ ৩১ মাৰ্চৰ পূৰ্বে বৃহৎ নদীবান্ধৰ উৎপাদন আৰম্ভ হ'ব।

ৰাজ্যসভাত এই তথ্য আগবঢ়াইছে কেন্দ্ৰীয় শক্তিমন্ত্ৰীগৰাকীয়ে। সদনৰ প্ৰশ্নোত্তৰ কালত সাংসদ আব্দুল ৱাহাবৰ এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য আগবঢ়াইছে আৰ কে সিঙে।

তেওঁ কয়, ৮ ইউনিটযুক্ত ২০০০ মেগাৱাট সম্পন্ন জলবিদ্যুৎ প্ৰকল্পটোৰ দুটা ইউনিট ২০২৩ ৰ জুনৰ পৰা কাৰ্যকৰী হ'ব। এই দুটা ইউনিটৰ পৰা ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন হ'ব। বাকী থকা ৬ টা ইউনিট কাৰ্যক্ষম হ'ব ২০২৪ ৰ ৩১ মাৰ্চৰ ভিতৰত।

ইতিমধ্যে প্ৰাকৃতিক কাৰণ যেনে বানপানী আৰু ভূমিস্খলনৰ ফলত চলিত বছৰত ক্ষতিগ্ৰস্ত হোৱা নদীবান্ধটোৰ পুনৰ মেৰামতিৰ বাবেই প্ৰয়োজন হ'ব ৮০ ৰ পৰা ১০০ কোটি টকা। ইতিমধ্যে নদীবান্ধটো নিৰ্মাণৰ বাবে ব্য়য় কৰা হৈছে ১৭,২৭৫.৬২ কোটি টকা।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম আৰু অৰুণাচল প্ৰদেশত হোৱা নদীবান্ধ বিৰোধী আন্দোলনে এই প্ৰকল্প নিৰ্মাণত ব্যাঘাত জন্মোৱা বুলি সদনত উল্লেখ কৰি কয়, ২০১১ ৰ ডিচেম্বৰৰ পৰা ২০১৯ ৰ অক্টোবৰলৈকে নদীবান্ধৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছিল।

ইয়াৰ কাৰণ আছিল দুই ৰাজ্যৰ নদীবান্ধ বিৰোধী আন্দোলন ইয়াৰোপৰি তেওঁ কয়, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত চলি থকা গোচৰ আৰু কোভিড-১৯ ৰ সংক্ৰমণ আৰু শেহতীয়াকৈ চলিত বছৰৰ জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈ হোৱা ভয়াৱহ বানপানীৰ বাবে প্ৰকল্পটো নিৰ্মাণত বাধাৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in