/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d8bacdfb-bbff-4cb0-a349-2b0c9d04c33b/rohit.jpg)
টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা বাহিৰ। বাংলাদেশৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈছে অধিনায়ক ৰোহিত শৰ্মা। কিছুদিন পূৰ্বে ভাৰতীয় ক্ৰিকেট দলটো বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আৰু টেষ্ট শৃংখলা খেলাৰ উদ্দেশ্যে চুবুৰীয়া দেশ বাংলাদেশত উপস্থিত হৈছিল।
এদিনীয়া শৃংখলাৰ সমাপ্তিৰ পাছতেই আৰম্ভ হৈছে টেষ্ট শৃংখলা। উল্লেখ্য যে, দ্বিতীয়খন এদিনীয়াত আঘাত পাই চিকিৎসাৰ বাবে ৰোহিত শৰ্মাই স্বদেশলৈ উৰা মাৰিছিল । সেয়ে প্ৰথমখন টেষ্টত বাদ পৰা ৰোহিত দ্বিতীয়খন তথা অন্তিমখন টেষ্ট মেচত অংশগ্ৰহণ কৰিব বুলি ভৱা হৈছিল। কিন্তু বি চি চি আয়ে সদৰী কৰে যে দ্বিতীয় টেষ্টতো উভতি নাহে ৰোহিত শৰ্মা।
তাৰোপৰি দলৰ আন এগৰাকী সদস্য নৱদীপ চাইনিয়েও আঘাতৰ বাবে অন্তিমখন মেচত অংশগ্ৰহণ অনিশ্চিয়তাত। অৱশ্যে শ্ৰীলংকাৰ বিপক্ষে ঘৰৰ মাটিত হ'বলগীয়া শৃংখলাত ৰোহিত শৰ্মা উভতি অহাৰ সম্ভাৱনা আছে বুলি বি চি চি আইৰ এক সূত্ৰই সদৰী কৰে।
আৰু পঢ়কঃ মাতৃ-পত্নীয়ো নহয়, মেছীক সাৱতি লুছাইল ষ্টেডিয়ামত কোন এইগৰাকী মহিলা?