'মোডী হটাও, দেশ বচাও' পোষ্টাৰ সন্দৰ্ভত ৬ জন গ্ৰেপ্তাৰ

কোনো দলে অন্য দলৰ বিৰোধিতা কৰি পোষ্টাৰ লগোৱা অতি সাধাৰণ কথা। কংগ্ৰেছ, বিজেপি আৰু আম আদমী পাৰ্টিৰ মাজত পোষ্টাৰেৰে আক্ৰমণ চলাই অহা হৈছে।

author-image
Asomiya Pratidin
New Update
আজি গুজৰাট নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিমটো দিন...

ডিজিটেল ডেস্কঃ কোনো দলে অন্য দলৰ বিৰোধিতা কৰি পোষ্টাৰ লগোৱা অতি সাধাৰণ কথা। কংগ্ৰেছ, বিজেপি আৰু আম আদমী পাৰ্টিৰ মাজত পোষ্টাৰেৰে আক্ৰমণ চলাই অহা হৈছে।

Advertisment

ইয়াতৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে পোষ্টাৰ লগোৱাৰ অভিযোগত ৬ জনক লোকক গ্ৰেপ্তাৰ কৰে লগতে ১৩৮ ধাৰা অধীনত এজাহাৰ দাখিল কৰে। দিল্লীৰ বিভিন্ন ঠাইত পোষ্টাৰ লগোৱা হৈছিল য'ত লিখা আছিল- 'মোডী হটাও, দেশ বচাও'। এই পোষ্টাৰ সমূহত কোনো প্ৰিন্টাৰৰ নাম নাছিল। দিল্লীৰ পৰা প্ৰায় ২০০০ এনে ধৰণৰ পোষ্টাৰ আঁতৰাই পেলাই আৰক্ষীয়ে।

আৰক্ষীয়ে জনাই যে দিল্লীৰ বিভিন্ন প্ৰান্তত ১০০ ৰো অধিক এজাহাৰ দাখিল হৈছে এই পোষ্টাৰৰ বিৰুদ্ধে। আৰক্ষীয়ে জনাই যে সাৰ্বজনীন ক্ষেত্ৰ সমূহত পোষ্টাৰ লগালে নিয়ম অনুসৰি সেই পোষ্টাৰত প্ৰিন্টাৰৰ নাম লিখিব লাগে। কিন্তু মোডীৰ বিৰোধিতা কৰা পোষ্টাৰত কোনো ধৰণৰ নাম নাই। যাৰ বাবে আৰক্ষীয়ে তদন্ত কৰিছে।

Also Read: সুৰা কেলেংকাৰীঃ ৫ এপ্ৰিললৈ ন্যায়িক জিম্মাত প্ৰেৰণ মনিষ ছিচদিয়াক

narendra modi bjp