/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/6dad5eb8-486d-4e84-8305-a921da46c6ea/sisodiya.jpg)
ডিজিটেল ডেস্কঃ ন্যায়িক জিম্মালৈ প্ৰেৰণ আপৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ ছিচদিয়া। বুধবাৰে আদালতে পুনৰ দুসপ্তাহৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ছিচদিয়াক। সুৰা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ছিচদিয়া।
বিশেষ ন্যায়াধীশ এম কে নাগপালে এই ৰায় প্ৰদান কৰে। ইয়াৰ পাছতে আগন্তুক ৫ এপ্ৰিললৈ ছিচদিয়া থাকিব লাগিব ন্যায়িক জিম্মাক। ইডিৰ সোধ পোছৰ অন্তত আজি আদালতত হাজিৰ কৰোৱা হৈছিল ছিচদিয়াক।
চিবিআইয়ে ২৬ ফেব্ৰুৱাৰীত দুৰ্নীতিৰ অভিযোগত ছিচদিয়াক গ্ৰেপ্তাৰ কৰিছিল। তাৰ পাছতে পুনৰ ৩ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল ছিচদিয়াক।
Also Read: আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী..