বিধায়কক চৰ সোধালে সাধাৰণ জনতাই...

পুনৰ ৰাজনীতিত তোলপাৰ, বিধায়কক চৰ সোধালে সাধাৰণ জনতাই...
বিধায়কক চৰ সোধালে সাধাৰণ জনতাই...

ডিজিটেল ডেস্ক: পুনৰ দেশৰ ৰাজনীতি গৰম হোৱা খবৰ। এইবাৰ বিধায়কক চৰ সোধালে এজন ব্যক্তিয়ে। এখন জনসভাত বিধায়কক চৰ সোধালে সাধাৰণ ব্যক্তিয়ে, যাৰ বাবে তোলপাৰ লাগিছে ৰাজ্যখনৰ ৰাজনীতিয।

ঘটনা পশ্চিম বংগৰ ৰাজধানী চহৰৰ। পশ্চিম বংগৰ ৰাজধানী চহৰ কলকতাত এখন ৰাজহুৱা সভাত বিধায়কক চৰ সোধালে এজন ব্যক্তিয়ে। যাৰ বাবে এতিয়া ৰাজ্যখনৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

শনিবাৰে সংঘটিত হোৱা এই ঘটনা অনুসৰি, আইএছএফৰ বিধায়ক নৌশাদ চিদ্দিকীয়ে কলকাতাত ডিএৰ দাবীত অনশন কৰি থকা কৰ্মচাৰীৰ ওচৰৰ যায় আৰু তাতেই তেওঁ আক্ৰমণ বলি হয়। কৰ্মচাৰীসকলৰ এজনে হঠাত সন্মুখলৈ আহি বিধায়ক জনক চৰ মৰাৰ ফটো-ভিডিও ভাইৰেল হৈ পৰিছে। বিধায়ক নৌশাদে উপস্থিত ৰাইজক সম্বোধন কৰি ভাষণ দি থকাৰ মুহূৰ্ততে তেওঁ এই আক্ৰমণৰ বলি হয়। অৱশ্যে বিধায়ক জনৰ তৎপৰতাত চৰ গালত পৰাৰ সলনি কান্ধত পৰে।

আক্ৰমণকাৰীজন হাওৰা জিলাৰ ডমজুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাংকৰা পশ্চিম পাৰাৰ বাসিন্দা তাজামেল হুছেইনৰ পুত্ৰ আব্দুল ছালাম (৩৫) বুলি চিনাক্ত কৰা হৈছে। কলকাতা আৰক্ষীয়ে ইতিমধ্যই যুৱকজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে। 

বিধায়কক চৰ সোধালে সাধাৰণ জনতাই...
5 Assamese Actors who made Assam Proud: বলীউডত প্ৰতিষ্ঠিত অসমীয়া অভিনেতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in