/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/1027c40b-e8c6-4257-bc05-6db22088bdfb/AP_FOR_WEB_assamese_actors.jpg)
ডিজিটেল ডেস্ক:5 Assamese Actors who made Assam Proud: বহু অসমীয়াই তেওঁলোকৰ নিজৰ নিজৰ ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰি দেশ-বিদেশত অসমৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে।অভিনয় জগতৰতো কথাই সুকীয়া।অসমৰ চুক-কোণৰ পৰা নিজৰ প্ৰতিভাৰ বলত এতিয়া ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ পৰিচয় দিছে বহু কেইগৰাকী অভিনেতাই। তেওঁলোকৰ ভিতৰত-
আদিল হুছেইন
আদিল হুছেইন, নামেই যাৰ পৰিচয়।অসমৰ গোৱালপাৰা জিলাত জন্ম গ্ৰহণ কৰা আদিল হুছেইন বৰ্তমান সময়ৰ বলীউডৰ এজন অন্যতম সফল অভিনেতা।গোৱালপাৰাতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি অভিনেতাজনে গুৱাহাটীৰ বি বৰুৱা কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।কলেজৰ বিভিন্ন অনুষ্ঠানত নাটক কৰি তেতিয়াৰে পৰাই তেওঁ অতুলনীয় অভিনয় দক্ষতাৰ প্ৰমাণ দিছিল।তেওঁ ‘দিল্লীৰ নেশ্যনেল স্কুল অফ ড্ৰামা’ আৰু লণ্ডনৰ ‘ড্ৰামা ষ্টুডিঅ’ৰ পৰা অভিনয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে।শিক্ষা সমাপ্ত কৰি অসমলৈ আহি তেওঁ হেঙুল থিয়েটাৰত অভিনয় কৰিবলৈ লয়।ইয়াৰ পাছতে তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খুবেই জনপ্ৰিয় টি ভি ছিৰিজ ‘জাছুছ বিজয়’ত দেখা গৈছিল আৰু তাৰ পাছতে সমগ্ৰ দেশবাসীৰ মাজত তেওঁ এক সুকীয়া পৰিচয়ৰে চিনাকি হৈ পৰে।তেওঁ অভিনয় কৰা হিন্দী ছবিৰ ভিতৰত ‘কমিনে’,‘ইস্কিয়া’, ‘এজেন্ট বিনোদ’, ‘ইংলিছ ভিংলিছ’, ‘লুটেৰা’ ‘বয়ছ ত’ বয়ছ হে’, ‘কানচী: দ্য আনব্ৰেকেবল’, ‘দ্য এস্কপজ’, ‘জেদ প্লাছ’ আদি বিশেষভাৱে উল্লেখযোগ্য। ‘ইন অথেল’, ‘লাইফ অৱ পাই’, ‘দ্য ৰিলাকটেন্ট ফান্ডামেন্টেলিষ্ট’, ‘লেছনছ ইন ফৰগেটিং’, ‘ফিষ্ট অফ বাৰানসী’, ‘নানক শ্বাহ ফকীৰ’, ‘দ্য ইলিগেল’, ‘এট লাৰ্জ’, ‘ইণ্ডিয়া ছুইটছ এণ্ড স্পাইছ’ হৈছে আদিল হুছেইন অভিনীত ইংৰাজী ছবি। ‘সংকল্প’, ‘সূত্ৰপাত’,’পিতা-পুত্ৰ’, ‘ভাই-ভাই’, ‘ৰাগ’, ‘কথানদী’, ‘মাজৰাতিৰ কেতেকী’কে ধৰি বহু কেইখন অসমীয়া ছবিত অভিনয় কৰিছে আদিল হুছেইনে।তেওঁ বহু বাঙালী,তামিল, মালায়ালম আৰু মাৰাঠী ছবিতো অভিনয় কৰিছে।অনবদ্য অভিনয় দক্ষতাৰ বাবে তেওঁ ইতিমধ্যে ৰাষ্ট্ৰীয় পুৰস্কাৰৰ লগতে বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/9f8ceee3-79cd-403e-997e-472b9fffec1e/adil.webp)
বাহাৰুল ইছলাম
বাহাৰুল ইছলামক থিয়েটাৰ জগতখনৰ এক নক্ষত্ৰ বুলি কলেও হয়তো ভুল কোৱা নহব।’নেশ্যনেল স্কুল অফ ড্ৰামা’ৰ প্ৰাক্তন ছাত্ৰ বাহাৰুল ইছলাম থিয়েটাৰৰ অভিনেতাৰ লগতে এগৰাকী সফল পৰিচালক।তেওঁ বৰ্তমানলৈ শতাধিক নাটকত অভিনয় কৰিছে।নতুন প্ৰজন্মক নাটকৰ প্ৰতি আগ্ৰহী কৰাৰ লক্ষৰে তেওঁ ‘শৃগাল’ নামৰে এটি নাটকৰ সংস্থাৰো জন্ম দিছে। তেওঁ ‘কাল সন্ধ্যা’, ‘ছুইট স্পট’, ‘দিল বেছাৰা’, ‘চপক’, ‘মেইদান’, ‘পেপাৰ চিকেন’, ‘দুৱা ছে দুৱা তক’ আদি দিন্দী ছবিত অভিনয় কৰিছে।সুৰুজ, সংকল্প, ভাই-ভাই, পিতা-পুত্ৰ,নায়ক, বাৰুদ, দীনবন্দু,মৰম নদীৰ গাভৰু ঘাট, বাঘ মানুহৰ খেলা,আছেনে কোনোৱা হিয়াত আদি হৈছে বাহাৰুল ইছলাম অভিনীত কেইখনমান উল্লেখনীয় অসমীয়া ছবি।হিন্দী আৰু অসমীয়া ভাষাৰ লগতে তেওঁ বাঙালী আৰু কানাড়া ভাষাৰ ছবিতো অভিনয় কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ea61d50f-0102-4f1c-8923-9a49fd0f41d4/baharul_islam.jpg)
বলোৰাম দাস
হিন্দী ছবিৰ লগতে বহু আগশাৰীৰ ৱেব ছিৰিজত অভিনয় কৰি দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰা অন্যতম সফল এগৰাকী অসমীয়া অভিনেতা বলোৰাম দাস। ‘বদলাপুৰ বয়জ’, ‘গব্বৰ ইজ বেক’, ‘হাই জেক’, ‘হেইদৰ’, ‘অকে জানু’ আদি হৈছে বলোৰাম অভিনীত সফল বলীউডৰ ছবি।তেওঁ ‘ব্লেক ৰাছিয়ান’, ‘ইন্টাৰকানেক্ট’, ‘এ ছুইটেবল বয়’ নামৰ ইংৰাজী ছবিতো অভিনয় কৰিছে।গুৱাহাটীতে জীৱনৰ আদিপাঠ শিকা বলোৰাম দাস ‘নেছনেল স্কুল অৱ ড্ৰামা’ৰ প্ৰাক্তন ছাত্ৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/e92c96ec-bc0b-487d-b4e3-776eb9051805/boloram_das.jpg)
পবিত্ৰ ৰাভা
বলীউডত প্ৰতিষ্ঠা লাভ কৰা অসমৰ আন এজন অভিনেতা হৈছে পবিত্ৰ ৰাভা।বলীউডৰ লগতে তেওঁ অসমীয়া, বাঙালী তথা ইংৰাজী ছবিতো অভিনয় কৰিছে।বিশেষকৈ প্ৰিয়ংকা চোপ্ৰাৰ ‘মেৰি কম’ত কৰা অভিনয়ৰ বাবে পবিত্ৰ ৰাভাই বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছিল। ‘টেংগ চাৰ্লিন’, ‘মুখবীৰ’,’ভবেশ যোশী ছুপাৰহিৰ’, ‘বব বিশ্বাস’ হৈছে পবিত্ৰ ৰাভা অভিনীত হিন্দী ছবি।ওডালগুৰিৰৰ টংলাত জন্ম গ্ৰহণ কৰা পবিত্ৰ ৰাভাই ‘মিছন ছাইনা’, ‘কাঞ্চনজংঘা’ৰ দৰে সফল অসমীয়া ছবিতো অভিনয় কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/f47b0333-27c5-441b-941f-2d23d0baaa71/pabitra_rabha.jpg)
দিগন্ত হাজৰিকা
সুদৰ্শন চেহেৰাৰ বাবে সদায় চৰ্চাত থকা এইগৰাকী অভিনেতাক বহুচৰ্চিত বলীউডী ছবি ‘মহেঞ্জদাৰো’ত এক বিশেষ চৰিত্ৰত দেখা গৈছিল।নগাঁও জিলাৰ পুৰণিগুদামত জন্ম গ্ৰহণ কৰা অভিনেতাজনে অসমীয়া ছবি ‘কি নাম দি মাতিম’, ‘ৰিচাং’, ‘ৰ’দ’, ‘গ্ৰহণ’, ‘অনুৰাধা’,’দ্য আণ্ডাৰৱৰ্লড’ আৰু ‘প্ৰতিঘাত’ত অভিনয় কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/6f277007-7128-4d2b-b293-6e63407c9588/diganta.jpg)