আৰক্ষীৰ সন্মুখতেই জ্বলাই দিলে থানাঃ বিচাৰি বিচাৰি আৰক্ষীক কৰিলে প্ৰহাৰ...

আৰক্ষীৰ সন্মুখতেই জ্বলাই দিলে থানাঃ বিচাৰি বিচাৰি আৰক্ষীক কৰিলে প্ৰহাৰ...
আৰক্ষীৰ সন্মুখতেই জ্বলাই দিলে থানাঃ বিচাৰি বিচাৰি আৰক্ষীক কৰিলে প্ৰহাৰ...

ডিজিটেল ডেস্কঃ আদিবাসী ছাত্ৰ সন্থাৰ সমদলৰ মাজতে উত্তপ্ত হৈ পৰা পৰিস্থিতিত আৰক্ষী থানা জ্বলি ভস্মিভূত হোৱাৰ লগতে প্ৰায় ১৬ জন আৰক্ষী আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে। পৰিস্থিতি এনে পৰ্যায়ত উপনীত হয় যে, আৰক্ষীয়ে প্ৰাণ ৰক্ষা কৰিবলৈ থানা এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে।

এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ কালিয়াগঞ্জত। উল্লেখ্য যে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি একাংশই কালিয়াগঞ্জ আৰক্ষী থানাত অগ্নি সংযোগ কৰি আৰক্ষীক প্ৰহাৰ কৰিলে।

প্ৰতিবাদকাৰীয়ে থানা জ্বলোৱাৰ পাছতে থানা এৰি পলায়ন কৰি একাংশ আৰক্ষীয়ে অস্থায়ী কেম্পৰ তক্তাৰ তলত আশ্ৰয় লৈছিল। সেই তক্তাৰ তলৰ পৰা আৰক্ষীক চোচৰাই আনি প্ৰতিবাদকাৰীয়ে কৰিলে মাৰধৰ।

উন্মত্ত জনতাই মাৰধৰ কৰা ১৬ জন আৰক্ষী কৰ্মী আহত হোৱাৰ বিপৰীতে বহুকেইজন হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছে। এই ঘটনাৰ সৈতে জড়িত ২২ জনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে।

এগৰাকী আদিবাসী ছাত্ৰীক ধৰ্ষণ কৰাৰ ঘটনাৰ প্ৰতিবাদৰ মাজতে এই ঘটনা সংঘটিত হৈছে। আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত ২৮ তাৰিখলৈ সান্ধ্য আইন জাৰি কৰিছে। উল্লেখ্য যে মঙ্গলবাৰে সন্ধিয়া আদিবাসী সংগঠনে এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰা কাৰ্যৰ বিৰুদ্ধে সাব্যস্ত কৰা এই প্ৰতিবাদৰ মাজতে আৰক্ষী থানত জুই লগাই দিয়ে।

আৰক্ষীৰ সন্মুখতে দাউ দাউকৈ জ্বলি উঠে থানা। থানা ৰক্ষা কৰিবলৈ লাঠি চাৰ্জ কৰা আৰক্ষীক উন্মত্ত জনাই একেলগে আক্ৰমণ কৰাত তেওঁলোকে প্ৰাণ ৰক্ষা কৰিবলৈ থানা এৰি পলাবলৈ বাধ্য হয়।

কেইবাজনো আৰক্ষীৰ লোকে কাষৰ ৪ নম্বৰ ৱাৰ্ডৰ কাউঞ্চিলসহ বিভিন্ন লোকৰ ঘৰত প্ৰৱেশ কৰি প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰে যদিও সেই ঘৰৰ পৰাও তেওঁলোকক বাহিৰলৈ উলিয়াই অনা হয় আৰু মাৰধৰ কৰা হয়। আৰক্ষীক আশ্ৰয় দিয়া কাউঞ্চিলৰসহ আন আন লোকৰ বাসগৃহও ধ্বংস কৰে এইসকল উন্মত্ত প্ৰতিবাদকাৰীয়ে।

ইয়াৰোপৰিও স্থানীয় আন কেইবাখনো দোকান, জিৰণিচৰাও ভাঙে প্ৰতিবাদীসকলে। আৰক্ষী থানাৰ অস্থায়ী কেম্পত আশ্ৰয় লোৱা আৰক্ষীকো চোচৰাই আনে এই প্ৰতিবাদকাৰীসকলে।

পৰৱৰ্তী সময়ত দক্ষিণ দিনাজপুৰৰ পৰা বিশাল আৰক্ষী বাহিনী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। কন্দুৱা গেছ আদি নিক্ষেপ কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াই। এই আৰক্ষী বাহিনীয়ে অঞ্চলটোৰ বিভিন্ন লোকৰ ঘৰলৈ গৈ সন্ধান কৰি বহু কেইজন আৰক্ষীক উদ্ধাৰ কৰে।

আজিও কালিয়াগঞ্জৰ পৰিস্থিতি উত্তপ্ত হৈ আছে। অৱশ্যে সকলো দোকান-পোহাৰ বন্ধ আছে। পথত মানুহৰ উপস্থিতি সেমেকা। বিদ্যালয় খোলা আছে যদিও নাই শিক্ষাৰ্থী। একেই পৰিস্থিতি চৰকাৰী কাৰ্যালয়ত। বৃহস্পতিবাৰে অভিযুক্তসকলক ন্যায়ালয়ত হাজিৰ কৰোৱা হ’ব। সেই সময়তো পুনৰ পৰিস্থিতি উত্তপ্ত হোৱাৰ আশংকা কৰা হৈছে।

আৰক্ষীৰ সন্মুখতেই জ্বলাই দিলে থানাঃ বিচাৰি বিচাৰি আৰক্ষীক কৰিলে প্ৰহাৰ...
নৰেন্দ্ৰ মোডীৰ বিকল্প হ'ব নোৱাৰে গান্ধি পৰিয়াল ! দুই সফল মুখ্যমন্ত্ৰীৰ এজন হ'ব বিকল্প....

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in