দুৰ্বল জনজাতীয় গোটসমূহৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ২৪ হাজাৰ কোটি টকাৰ প্ৰকল্প...

দুৰ্বল জনজাতীয় গোটসমূহৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ২৪ হাজাৰ কোটি টকাৰ প্ৰকল্প...

author-image
Asomiya Pratidin
New Update
দুৰ্বল জনজাতীয় গোটসমূহৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ২৪ হাজাৰ কোটি টকাৰ প্ৰকল্প...

দুৰ্বল জনজাতীয় গোটসমূহৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ২৪ হাজাৰ কোটি টকাৰ প্ৰকল্প...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে ঝাৰখণ্ডৰ খুণ্টিত দুৰ্বল জনজাতীয় গোটসমূহৰ উন্নয়নৰ বাবে ২৪ হাজাৰ কোটি টকাৰ প্ৰকল্প আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। জনজাতীয় গৌৰৱৰ প্ৰতীক বীৰচা মুণ্ডাৰ জন্ম জয়ন্তী আৰু তৃতীয় জনজাতীয় গৌৰৱ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে ঝাৰখণ্ডৰ খুণ্টি জিলাত থকা বীৰচা মহাবিদ্যালয়ৰ খেল পথাৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে।

Advertisment

এই অনুষ্ঠানৰ পৰাই তেওঁ প্ৰধানমন্ত্ৰীৰ বিশেষভাৱে দুৰ্বল জনজাতীয় গোট (পি এম পি ভি টি জি)মিচনৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ জৰিয়তে প্ৰায় ২৮ লাখ বিশেষভাৱে দুৰ্বল জনজাতীয় লোকক সামৰি লোৱা হ'ব।

এক চৰকাৰী বিবৃতি অনুসৰি এই অভিযানৰ অধীনত বিশেষভাৱে দুৰ্বল জনজাতীয় লোকৰ অঞ্চলসমূহক পথ আৰু টেলিকম সংযোগ, বিদ্যুত, সুৰক্ষিত আৱাস, বিশুদ্ধ খোৱা পানী, অনাময় ব্যৱস্থা, শিক্ষা, স্বাস্থ্য আৰু পুষ্টিৰ লগতে বহনক্ষম জীৱিকাৰ সুযোগৰ দৰে সুবিধাসমূহ প্ৰদান কৰা হ'ব।

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোডীয়ে সমগ্ৰ দেশৰ ৮ কোটিৰো অধিক কৃষকক পি এম কিষাণ যোজনাৰ অধীনত ১৫ নং কিস্তিৰ ধনৰ বাবে ১৮ হাজাৰ কোটি টকাও মুকলি কৰি দিয়ে। তৃতীয় জনজাতিয় দিৱসৰ অনুষ্ঠানৰ পৰাই তেওঁ ডিজিটেলি এই ধন মুকলি কৰে।

Also Read: প্ৰশ্ন নকৰিব- আধুনিক ক্ৰিকেটত বিৰাটেই শ্ৰেষ্ঠ...

নৰেন্দ্ৰ মোডী ঝাৰখণ্ড