/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a77d6452-2e1f-4c3a-9400-27dfc7418814/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
প্ৰশ্ন নকৰিব- আধুনিক ক্ৰিকেটত বিৰাটেই শ্ৰেষ্ঠ...
ক্ৰিকেটত ঈশ্বৰ কোন? দ্বিধাহীনভাৱেই সকলোৱে একলগে ক'ব শচীন তেণ্ডুলকাৰ। শচীনতকৈ শ্ৰেষ্ঠ কোনোবা হ'ব পাৰেনে? আপুনি, মই এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰো। কিন্তু ৰেকৰ্ড অথবা পৰিসংখ্যাই কিন্তু এই প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ থকা নাই।
'কিং কোহলি'ৰ মহাকাব্যিক ইনিংছৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ বিশ্ব। এতিয়াৰে পৰা হয়তো কোনেও তেওঁৰ দক্ষতা, তেওঁৰ শ্ৰেষ্ঠত্বক লৈ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব। ৱাংখেড়েত নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেলত শতকীয় ইনিংছেৰে নিজকে তেওঁ মহানতাৰ শাৰীলৈ উন্নীত কৰিলে।
এদিনীয়া ক্ৰিকেটত ৫০ টা শতক অৰ্জন কৰাটো বিশ্ব ক্ৰিকেটৰ বহু ধুৰন্ধৰ ক্ৰিকেটাৰৰ বাবে সাধাৰণ নহয়, অসাধাৰণ কথা। এই অসাধাৰণকে সাধাৰণ কৰি তুলিলে বিৰাট কোহলিয়ে।
১৫ নৱেম্বৰ, ২০২৩ ত ৱাংখেড়েত ৰচনা হ'ল ইতিহাস। এই ইতিহাসৰ সাক্ষী হৈ ৰ'ল ষ্টেডিয়ামত থকা ৩৩ হাজাৰৰো অধিক দৰ্শক। তেতিয়া মেচখনত নিউজিলেণ্ডৰ ৪১ অভাৰ ৩ টা বল। বেটিঙত বিৰাট কোহলি। তেওঁৰ ব্যক্তিগত স্ক'ৰ ৯৯।
সেই নিৰ্দিষ্ট অভাৰটোৰ চাৰি নম্বৰ বলটো দিয়াৰ পূৰ্বে ষ্টেডিয়ামত সকলোৰে মাজত উৎকণ্ঠা। কোনোবাই হাতজোৰ কৰি চকু দুটা মুদি দিছে। আন কোনোবাই নেদেখাজনক প্ৰাৰ্থনা কৰিছে।
কোনোবাই আকৌ কিছু সময়ৰ বাবে নিজৰ স্থানতে ৰৈ দিছে। টিভিৰ স্ক্ৰীণত মাজতে এবাৰ দেখুৱাইছে শচীন তেণ্ডুলকাৰক। নিৰ্দিষ্ট বলাৰজনে অভাৰটোৰ চাৰি নম্বৰ বলটো দিয়াৰ লগে লগে বিৰাটে লং লেগ আৰু ডিপ মিড উইকেটৰ মাজেৰে কোবাই দৌৰ দিলে।
লগে লগে ৱাংখেড়ে ষ্টেডিয়ামৰ ৩৩ হাজাৰৰো অধিক দৰ্শকে একেলগে চিঞ্চৰিবলৈ আৰম্ভ কৰিলে ''কোহলি, কোহলি, কোহলি, কোহলি....''।
ৱাংখেড়েৰ গেলাৰীত সেই সময়ত উপস্থিত থকা ক্ৰিকেটৰ ঈশ্বৰেও থিয় হৈ জনালে শুভেচ্ছা। নজনাবই বা কিয়? তেওঁৰ অনুগতই এই মুহূৰ্তত ভংগ কৰিলে তেওঁৰেই সৰ্বকালৰ ৰেকৰ্ড। এদিনীয়া ক্ৰিকেটত শতকৰ 'অৰ্ধশতক' অৰ্জন কৰিলে বিৰাট কোহলিয়ে।
নিউজিলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰিয়েই কোহলিয়ে তেওঁৰ সেই শতক শচীনলৈ উৎসৰ্গা কৰিলে। শচীনেও কোহলিৰ সেই ঐতিহাসিক ক্ষণত তেওঁক ষ্টেডিয়ামৰ গেলাৰীৰ পৰাই জনালে অভিনন্দন।
ইতিমধ্যে বিৰাট কোহলি বিশ্ব ক্ৰিকেটৰ মহান খেলুৱৈ হিচাপে পৰিগণিত হৈছে। আৰু আজি তেওঁ কেৱল মহান খেলুৱৈয়ে নহয়, আধুনিক ক্ৰিকেটৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হ'ল। 'শচীন যুগ'ৰ পাছত আৰম্ভ হোৱা এই আধুনিক ক্ৰিকেটত বিৰাটৰ বাদে আন কোনো এই শ্ৰেষ্ঠত্বৰ শাৰীত থিয় হ'ব এই মুহূৰ্তলৈ পৰা নাই।
২৪ বছৰীয়ে ক্ৰিকেট কেৰিয়াৰত শচীন তেণ্ডুলকাৰে ৩৬৩ খন এদিনীয়া মেচ খেলি ৪৯ টা শতক অৰ্জন কৰিছিল। ৪৮ সংখ্যক শতকটো অৰ্জন কৰাৰ পাছত তেওঁক ৪৯ সংখ্যক শতকটো অৰ্জন কৰিবলৈ প্ৰয়োজন হৈছিল ৩৬৫ দিন। আৰু এই ৪৯ শতকক তেওঁ ৫০ লৈ পৰিণত কৰিবলৈ সক্ষম নহ’ল।
তথাপিও বহুতৰে ধাৰণা আছিল শচীনৰ এই ৰেকৰ্ড ভংগ কৰাটো দূৰৰে কথা কোনেও স্পৰ্শও কৰিব নোৱাৰিব। কিন্তু শচীনে জানিছিল তেওঁৰ এই ৰেকৰ্ড ভংগ নোহোৱাকৈ নাথাকে। এই ৰেকৰ্ড ভংগ কৰিব পৰাকৈ দক্ষতা ভাৰতীয় তৰুণ প্ৰতিভাৰ ওচৰত আছে।
২০০৮ চনত ভাৰতীয় দললৈ আগমণ ঘটিছিল বিৰাট কোহলিৰ। প্ৰথম সাক্ষাতত ড্ৰেছিং ৰুমত কোহলি জ্যেষ্ঠসকলৰ ধেমালিৰ সন্মুখীন হৈছিল। জ্যেষ্ঠসকলে বিৰাটক কৈছিল, শচীন তেণ্ডুলকাৰক দেখিলে তেওঁৰ ভৰি চুই আশীৰ্বাদ ল'বলৈ।
কৈছিল নতুন খেলুৱৈ আহি মহান খেলুৱৈ শচীনৰ ভৰি স্পৰ্শ কৰাটো এক পৰম্পৰা। সেই মতেই বিৰাট কোহলিয়ে শচীনৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লৈছিল। শচীনে হাঁহিছিল।
সেই সময়ত হয়তো শচীনেও ভবা নাছিল এইগৰাকী তৰুণ প্ৰতিভাই এদিন তেওঁক অতিক্ৰম কৰিব। অৱশ্যে সময়ৰ সৈতে তেওঁ বুজি উঠিছিল বিৰাটৰ প্ৰতিভা কিমান।
শচীনে জানিছিল বিৰাটৰ লগতে আন এক তৰুণ প্ৰতিভা ৰোহিত শৰ্মাৰ সন্মুখত সুৰক্ষিত নহয় তেওঁৰ ৰেকৰ্ড। সেয়া তেওঁৰ বাবে আছিল গৌৰৱৰ কথা। সেয়ে হয়তো এক অনুষ্ঠানত গৌৰৱেৰে কৈছিল বিৰাট, ৰোহিতে ভংগ কৰিব তেওঁৰ ৰেকৰ্ড। আৰু সেয়াই হ'ল।
বিৰাটে ৫ নৱেম্বৰ, ২০২৩ ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নিজৰ জন্মদিনৰ দিনটোতে স্পৰ্শ কৰিছিল শচীন তেণ্ডুলকাৰৰ ৪৯ টা শতকৰ ৰেকৰ্ড। আৰু তাৰ পৰা মাত্ৰ ১০ দিনৰ মূৰত ভংগ কৰিলে সেই ৰেকৰ্ড। বিৰাটে অৰ্জন কৰিলে শতকৰ অৰ্ধশতক। মাত্ৰ ১৫ বছৰীয়া কেৰিয়াৰত তেওঁ অৰ্জন কৰিলে এই সফলতা।
৫ নৱেম্বৰত বিৰাটে শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰাৰ সময়ত গৌৰৱেৰে বিৰাটক অভিনন্দন জনাইছিল। লগতে কৈছিল ৪৮ সংখ্যক শতকৰ পৰা ৪৯ সংখ্যক শতকলৈ তেওঁক প্ৰয়োজন হৈছিল ৩৬৫ দিনৰ। বিৰাটক চলিত বিশ্বকাপতে ৪৯ ক ৫০ লৈ পৰিৱৰ্তন কৰিবলৈ তেওঁ আহ্বান জনাইছিল।
শচীনৰ একান্ত ভক্ত বিৰাটে সেই কথা নাৰাখে কেনেকৈ? নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলতে তেওঁ অৰ্জন কৰিলে এই সফলতা। বিৰাটৰ এই যাত্ৰা ইমান সহজ নাছিল। বহু সংঘাত আৰু ব্যৰ্থতাৰ মাজেৰে আহি তেওঁ অৰ্জন কৰিছে এই সফলতা।
২০০৮ ত আত্মপ্ৰকাশ কৰা কোহলিয়ে সেই বছৰ এটাও শতক অৰ্জন কৰা নাছিল।সেই বছৰ মাত্ৰ ৫ খন মেচ খেলি এখনত সৰ্বাধিক ৫৪ ৰাণ কৰিছিল। ২০০৯ তেওঁ শ্ৰীলংকাৰ বিৰুদ্ধে কলকাতাত সংগ্ৰহ কৰিছিল প্ৰথমটো শতক।
তাৰ পাছৰ পৰা ৪৩ টা শতকলৈকে অতি দক্ষতাৰে খেলি আহিছিল যদিও ৪৪ সংখ্যক শতক অৰ্জন কৰিবলৈ তেওঁক প্ৰয়োজন হৈছিল তিনি বছৰৰো অধিক সময়। এয়া আছিল তেওঁৰ কেৰিয়াৰৰ অতি সংঘাতৰ সময়।
এই সময়তে তেওঁৰ পৰা কাঢ়ি লোৱা হৈছিল ভাৰতীয় দলৰ অধিনায়কৰ পদ। সমালোচিত হৈছিল বিভিন্নধৰণে। কোনোৱে কোনোৱে কৈছিল শেষ হৈ গ'ল বিৰাটৰ কেৰিয়াৰ।
কিন্তু এই সকলো ধাৰণা ভুল প্ৰমাণিত কৰিবলৈ বিৰাটক প্ৰয়োজন হ'ল ৩ বছৰৰো ধিক সময়। এনে নহয় যে, এই সময়োছোৱাত তেওঁৰ বেটৰ পৰা ৰাণ অহা নাছিল। ৰাণ আহিছিল অহা নাছিল শতক।
২০০৯ ত প্ৰথমটো এদিনীয়া শতক অৰ্জন কৰাৰ পাছত বিৰাটে ২০১০ ত ৩ টা, ২০১১ত ৪ টা, ২০১২ ত ৫ টা, ২০১৩ আৰু ১৪ ত ৪ টাকৈ, ২০১৫ ত ২ টা, ২০১৬ ত ৩ টা, ২০১৭ আৰু ১৮ ত ৬ টাকৈ আৰু২০১৯ ত ৫ টা শতক অৰ্জন কৰিছিল। তেতিয়াই সকলোৱে ধাৰণা কৰিছিল বিৰাটেই ভংগ কৰিব শচীনৰ ৪৯ টা শতকৰ ৰেকৰ্ড।
ভবাৰ দৰে সাধাৰণ নাছিল এই ৰেকৰ্ড ভংগ কৰাটো। ২০২০, ২০২১ ত বিৰাটৰ বেটৰ পৰা নাহিল এটাও শতক। এই সময়খিনিয়েই আছিল বিৰাটৰ কেৰিয়াৰৰ কেণ্টকময় সময়।
২০২২ ৰ শেষৰ ফালে বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জন কৰি আত্মবিশ্বাস ঘূৰাই আনিছিল বিৰাটে। তাৰ পাছৰ সকলোখিনি ইতিহাস। ২০২৩ ত এই পৰ্যন্ত তেওঁ অৰ্জন কৰিলে ৬ টাকৈ শতক।
এই ৬ টা শতকৰ ভিতৰত ৩ টা শতকেই আহিছে চলিত বিশ্বকাপৰ পৰা। ইয়াৰোপৰি তেওঁ আন কেইবাটাও শতকৰ পৰা বঞ্চিত হৈছে। কেৱল এয়াই নহয়, বিৰাটে যিকোনো এখন বিশ্বকাপত সৰ্বাধিক ৰাণ কৰা খেলুৱৈ হিচাপেও ৰেকৰ্ড গঢ়িছে। এই ক্ষেত্ৰত তেওঁ ভংগ কৰিছে শচীন তেণ্ডুলকাৰৰে আন এক ৰেকৰ্ড।
শচীনে ২০০৩ ৰ বিশ্বকাপত ৬৭৩ ৰাণ কৰি যিকোনো এখন বিশ্বকাপত সৰ্বাধিক ৰাণ কৰা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল। সেই ৰেকৰ্ড ভংগ কৰি বিৰাটে ২০২৩ বিশ্বকাপত এই পৰ্যন্ত ৭১১ ৰাণ সংগ্ৰহ কৰিছে।
চলিত বিশ্বকাপত বিৰাটে এই পৰ্যন্ত সংগ্ৰহ কৰিছে ৮ টাতৈ অৰ্ধশতক। এয়াও যিকোনো এজন ক্ৰিকেটাৰে এখন বিশ্বকাপত সংগ্ৰহ কৰা সৰ্বাধিক অৰ্ধশতক। বিৰাটৰ এনে প্ৰদৰ্শন উপভোগ কৰি সাত শতৰুৱেও স্বীকাৰ কৰিবলৈ বাধ্য হৈছে ২২ গজত বিৰাটেই শ্ৰেষ্ঠ।
শচীন তেণ্ডুলকাৰৰ স্থান বিৰাটে নলয়। বিৰাটে স্পষ্টকৈ কৈছে তেওঁৰ বাবে সদায় শচীনেই হিৰ'। শচীন, বিৰাটৰ মাজত তুলনা কৰা উচিতো নহয়। কিন্তু তথাপিও তুলনা হৈছে। এই তুলনাৰ মাজত আহিছে পৰিসংখ্যা। পৰিসংখ্যাই কিন্তু বিৰাটকে শ্ৰেষ্ঠ বুলি কৈছে। এয়া আমাৰ কথা নহয় বিৰাটৰ অনুৰাগীৰ কথা।
আমাৰ কথা শচীন যুগৰ পিছত আধুনিক ক্ৰিকেটত বিৰাটৰ তুলনা নহয়। এই যুগ বিৰাটৰ যুগ। এই যুগৰ ক্ৰিকেটত এজনেই সম্ৰাট। 'কিং কোহলি'। ইয়াত কোনো প্ৰশ্ন নাহে, প্ৰশ্ন কৰাৰ যুক্তিও নাথাকে।
Also Read: গ্লেন মেক্সৱেলঃ যাৰ সন্মুখত অৰ্থহীন ক্ৰিকেটৰ প্ৰাথমিক চৰ্তও...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us