ৱায়নাড ভ্ৰমণ কৰিলে মোডীয়েঃ হাস্পতালত সাক্ষাৎ কৰিলে আহতক...
ডিজিটেল ডেস্কঃ মৃত্যু উপত্যকালৈ পৰিণত হোৱা কেৰালাৰ ৱায়নাড ভ্ৰমণ কৰি আজি পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কেৰালাৰ মুখ্যমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰীৰ সৈতে হেলিকপ্টাৰৰ জৰিয়তে ৱায়নাডৰ সেই ধ্বংসলীলা পৰিদৰ্শন কৰাৰ লগতে দুৰ্যোগৰ ফলত প্ৰভাৱিত অঞ্চলসমূহো ভ্ৰমণ কৰে মোডীয়ে।
আকাশমাৰ্গৰে প্ৰধানমন্ত্ৰী মোডীয়ে ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰাৰ সময়ত ইৰুৱাজিঞ্জি পুঝ নদীৰ উৎপত্তিস্থলৰ ভয়াৱহ ভূমিস্খলনৰ সমান্তৰালকৈ বান আৰু ভূমিস্খলনে সৰ্বাধিক ক্ষতি কৰা স্থানসমূহৰ বৰ্তমানৰ পৰিস্থিতিৰো বুজ লয়।
Kerala | PM Narendra Modi undertook an aerial survey in Wayanad before physically visiting the location of the disaster.
In the aerial survey, he saw the origin of the landslide, which is in the origin of Iruvazhinji Puzha (River). He also observed the worst affected areas of… pic.twitter.com/bGGSbIbbZ6— ANI (@ANI) August 10, 2024
এই ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেৰালা চৰকাৰৰ সৈতে এক বৈঠকত মিলিত হৈছে। এই বৈঠকত ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্য প্ৰদান আৰু পুনৰসংস্থাপনৰ বিষয়টো আলোচনা কৰা হৈছে।
বৈঠকৰ পিছতে তেওঁ ৱায়নাডৰ চিকিৎসায়ললৈ গৈ ভূমিস্খলনত আহতসকলক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। উল্লেখ্য যে, ৩০ জুলাইত ৱায়নাডত সংঘটিত হোৱা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগত ৪০০ ৰো অধিক লোকৰ মৃত্যু হৈছে।
#WATCH | Kerala: Prime Minister Narendra Modi holds a review meeting with officials regarding the landslide-affected area in Wayanad.
Governor Arif Mohammed Khan, CM Pinarayi Vijayan and Union Minister Suresh Gopi are also present.
(Source: DD News) pic.twitter.com/Yv6c0sU36Y— ANI (@ANI) August 10, 2024
এই দুৰ্যোগত আহতৰ সংখ্যাও কেইবাশ। দুৰ্যোগৰ পাছতে ভাৰতীয় সেনা, নৌ সেনা, বায়ু সেনাৰ সহযোগত এন ডি আৰ এফ, এছ ডি আৰ এফ, এছ অ’ জি, বন বিভাগৰ লগতে কেৰালাৰ বিভিন্ন বিভাগৰ উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান চলাইছিল।
এই অভিযান সামৰি ভাৰতীয় সেনা, বায়ু সেনা, নৌ সেনাৰ উদ্ধাৰাকীয়ে সেই স্থান এৰিছে যদিও ৰাজ্যিক উদ্ধাৰকাৰীসকল এতিয়াও ৱায়নাডতৰ এই ভূমিস্খলন অঞ্চলতে আছে। তেওঁলোকে ক্ষতিগ্ৰস্ত এলেকাৰ পুনৰ সংস্থাপনৰ কামতো জড়িত হৈ পৰিছে।
Kerala: Prime Minister Narendra Modi visited the hospital to meet and interact with the victims and survivors of the landslide in Wayanad. pic.twitter.com/6BKb8TEtlI
— ANI (@ANI) August 10, 2024
ইফালে সংসদত বিৰোধী ৰাজনৈতিক দলসমূহে কেৰালাৰ এই দুৰ্যোগক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰি আহিছে। তাৰোপৰি ক্ষতিগ্ৰস্ত লোকসকৰ বাবে ঘোষণা কৰা ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধিৰো দাবী উত্থাপন হৈছে।
এনে দাবীৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে কেৰালা ভ্ৰমণ কৰা বিষয়টো বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। মোডীৰ আজিৰ ৱায়নাড ভ্ৰমণ সন্দৰ্ভত ৱায়নাডৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
#WATCH | Kerala: Prime Minister Narendra Modi along with CM Pinarayi Vijayan visit the hospital to meet and interact with the victims and survivors of the landslide in Wayanad.
(Source: DD News) pic.twitter.com/U9Ca06D725— ANI (@ANI) August 10, 2024
তেওঁ এই ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাই এক্সত লিখিছে, ৱায়নাডলৈ আহি ব্যক্তিগতভাৱে এই ভয়ংকৰ দুৰ্ঘটনাৰ বুজ লোৱাৰ বাবে আপোনাক ধন্যবাদ। এয়া ভাল সিদ্ধান্ত। মই নিশ্চিত যে, এবাৰ যেতিয়া প্ৰধানমন্ত্ৰীজীয়ে ধ্বংসৰ ভয়াৱহতা প্ৰত্যক্ষভাৱে দেখিব তেওঁ ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিব।
#WATCH | Kerala: Prime Minister Narendra Modi visits the landslide-affected area in Wayanad. He is being briefed about the evacuation efforts.
Governor Arif Mohammed Khan, CM Pinarayi Vijayan and Union Minister Suresh Gopi are also present.
(Source: DD News) pic.twitter.com/jzvj4mYaAR— ANI (@ANI) August 10, 2024
স্মৰ্তব্য প্ৰধানমন্ত্ৰী মোডীয়ে ইতিমধ্যে এই দুৰ্যোগত নিহতৰ পৰিয়াললৈ ২ লাখকৈ আৰু আহতলৈ ৫০ হাজাৰকৈ আৰ্থিক ক্ষতিপূৰণ ঘোষণা কৰিছে। ইফালে কেৰালা চৰকাৰেও ক্ষতিগ্ৰস্তসকলক সকলো ধৰণে সহায়, সহযোগিতা আগবঢ়ায় আহিছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পি বিজয়নে জানিবলৈ দিছে। তেওঁ ভূমিস্খলনৰ ফলত প্ৰভাৱিত লোকসকলৰ আশ্ৰয়, খাদ্য আৰু চিকিৎসাৰ সকলো ব্যৱস্থা কৰিছে বুলিও উল্লেখ কৰিছে।
Also Read: বহলপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত দুজন