বহলপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত দুজন

বহলপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত দুজন

author-image
Asomiya Pratidin
New Update
বহলপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত দুজন

ডিজিটেল সংবাদ,চাপৰ : বানপানী হৈ যোৱাৰ পাছত ৰাজ্যত প্ৰাদুৰ্ভাৱ হৈছে জাপানীজ এনকেফেলাইটিছ'ৰ। মাৰাত্মক এই ভাইৰাছত ইতিমধ্যে চাপৰ'ৰ বহলপুৰৰ দুজন লোক আক্ৰান্ত হোৱাত অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।

Advertisment

উক্ত ঘটনাৰ বাতৰি সম্প্ৰচাৰণ হোৱাত তৎপৰ হ'ল স্বাস্থ্য বিভাগ। শুকুৰবাৰে চাপৰ স্বাস্থ্য কেন্দ্ৰৰ পৰা ভুক্তভোগীৰ ঘৰৰ তথা আশে পাশে ফগিং কৰিবলৈ যায় যদিও বিকল হৈ পৰে মেচিন। অৱশেষত শুক্ৰবাৰ আবেলি ধুবুৰী জিলা স্বাস্থ্য বিভাগে আক্ৰান্ত লোক দুজনৰ ঘৰৰ চৌপাশে ফগিং কৰাৰ উপৰিও চাপৰৰ বিভিন্ন ঠাইত প্ৰতিৰোধক ধোঁৱা দিয়া পৰিলক্ষিত হয়।

চাপৰৰ ফগিং মেচিন টো এনে দুসময়ত কেতিয়া কাৰ্যকাৰী হৈ উঠিব সেয়া হয়তো সময়ে ক'ব। স্বাস্থ্য বিভাগে ৰাইজক সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে ঘৰৰ চৌপাশে চাফ চিখনকৈ ৰখাৰ লগতে আঠুৱা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

Also Read: ককা-নাতিৰ সম্বন্ধত লাগিল দাগ !

japanese encephalitis