গৌৰৱ! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ইজিপ্তৰ সৰ্বোচ্চ সন্মান 'অৰ্ডাৰ অফ দ্য নাইল'

গৌৰৱ! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ইজিপ্তৰ সৰ্বোচ্চ সন্মান 'অৰ্ডাৰ অফ দ্য নাইল'

ডিজিটেল ডেস্কঃ দেশৰ বাবে এক ভাল খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ আগবঢ়োৱা হয় ইজিপ্তৰ সৰ্বোচ্চ সন্মান। দেওবাৰে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচিয়ে ইজিপ্তৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান 'অৰ্ডাৰ অফ দ্য নাইল' প্ৰদান কৰে। বিশ্বৰ বিভিন্ন দেশে মোডীক প্ৰদান কৰা এইটো ১৩ তম সৰ্বোচ্চ ৰাজ্যিক সন্মান।

ইয়াৰ পূৰ্বে মোডীয়ে ইজিপ্তৰ ঐতিহাসিক আল-হাকীম মছজিদ আৰু কায়ৰোৰ হেলিঅ'পলিছ কমনৱেলথ যুদ্ধ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে। মোডীয়ে ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ সৈতেও আলোচনাত মিলিত হয়। উল্লেখ্য যে, ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ নিমন্ত্ৰণ ক্ৰমে মোডী দেশখনলৈ গৈছে। ২৬ বছৰত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ইজিপ্তলৈ এইটো প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ।

উল্লেখ্য যে, মছজিদ ভ্ৰমণৰ সময়ত দেৱলত খোদিত থকা ১০০ বছৰ পুৰণি শিলালিপি সমূহক মোডীয়ে প্ৰশংসা কৰে। আনহাতে মোডীয়ে হেলিঅ'পলিছ যুদ্ধ সমাধিক্ষেত্ৰত উপস্থিত হৈ প্ৰথম বিশ্বযুদ্ধৰ সময়ত শ্বহীদ হোৱা ভাৰতীয় সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

গৌৰৱ! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ইজিপ্তৰ সৰ্বোচ্চ সন্মান 'অৰ্ডাৰ অফ দ্য নাইল'
নাই কাৰ?

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in