নাই কাৰ?

 নাই কাৰ?

মৃদুল কুমাৰ সন্দিকৈ

শিক্ষামন্ত্ৰী হিচাপে আপোনাৰো মূল্যায়ন নিশ্চয় হোৱাতো প্ৰয়োজন। আপোনাৰ পূৰ্বৰ স্থিতি আৰু বৰ্তমানৰ স্থিতিৰ মাজত সুমেৰু-কুমেৰুৰ পাৰ্থক্য থাকিলেও এদিন আপুনি খিলঞ্জীয়াৰ স্বাৰ্থৰ হকে গ্ৰহণ কৰা ভূমিকাই আপোনাৰ প্ৰতি বহু মানুহক শ্ৰদ্ধাশীল কৰি ৰাখে।

বকোৰ এখন সভাত শিক্ষামন্ত্ৰী হিচাপে আপুনি অংশ লৈ ২৪ জুন,২০২৩ শিক্ষক সকলক লৈ কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ উঠিছে শিক্ষকসকলৰ সন্মানত আঘাত হানিবলৈ আপুনি বৰ কৌশলেৰে এই মন্তব্য কৰি শিক্ষকৰ প্ৰতি আপোনাৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটালে।

শিক্ষক সকলক এনেদৰে অপমানিত কৰাতো জানো উচিত আছিল? এয়া এজন মন্ত্ৰীৰ উদ্ভতালি নে ৰনোজ পেগু নামৰ একালৰ কমিউনিষ্টজনৰ উদ্ভতালি বুলি গ্ৰহণ কৰা যায়।যদি শিক্ষকসকলে আপুনি অভিযোগ কৰাৰ দৰেই পাঠদানৰ পৰা বিৰত থাকি, পঢ়া-শুনা নকৰাকৈ চাকৰি কৰি আছে তাৰ দায়িত্বতো আপুনিও ল'ব লাগে।

শিক্ষামন্ত্ৰী হিচাপে আপুনি বকোৰ জৱহাৰলাল নেহৰু মহাবিদ্যালয়ত আয়োজিত অসম কলেজ অধ্যক্ষ পৰিষদৰ সাধাৰণ সভাত দিয়া ভাষণ কোনোবা কমেডিয়ানে পৰিৱেশন কৰা কৌতুকধৰ্মী অনুষ্ঠান নাছিল। আপুনিয়ে জানো এখন বিদ্যালয়ৰ অধ্যক্ষকক ননচেন্স বুলি ৰাজহুৱাকৈ গালি পৰা নাছিল?

এতিয়া আপুনিয়ে কওক, শিক্ষকসকলক শিক্ষাদানৰ উপৰিও প্ৰায় সকলোবোৰ চৰকাৰী কামত নিয়োগ কৰে। এতিয়া কামাখ্যাতো দায়িত্ব পালনৰ বাবে নিয়োজিত কৰিবলৈ সিদ্ধান্ত লৈছিল। এয়া বাৰু কিমান জ্ঞানীজনৰ কাম আছিল? পৰীক্ষা, পাঠদান সকলোবোৰৰ পৰা আঁতৰাই শিক্ষকক এই কামত নিয়োজিত কৰিবলৈ চৰকাৰী জাননী উলিওৱাৰ পাছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ অন্তত সেই সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হোৱা নাছিলনে শিক্ষা বিভাগ?

শেহতীয়াকৈ ফলাফল ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল চৰকাৰী মহাবিদ্যালয় সমূহত কি হ'ল? সামগ্ৰিকভাৱে ইয়াৰ দায়িত্ব আপুনি নলৈ আন কাৰোবাৰ গালৈ এৰিলে জানো হ'ব! ১৩৯ খন কলেজলৈ ফলাফল বেয়া হোৱাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাতেই শিক্ষামন্ত্ৰীৰ দায়িত্ব শেষ নেকি?

সেই বিদ্যালয়সমূহৰ ফলাফল উন্নত কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেই কাৰ্য ব্যৱস্থা সফল হৈছেনে? এদিন আপোনাৰ হাঁহি উঠিছিল। মেট্ৰিক প্ৰশ্নকাকত ফাদিল হোৱা বুলি কওতে সাংবাদিকে ৰগৰ কৰা বুলি কৈছিল। কিন্তু পাছত সেয়া সঁচা বুলি প্ৰমাণিত হৈছিল।

আপোনাক পুতুলাৰ শিক্ষামন্ত্ৰী বুলি কোৱা হয়। ৰিজাল্ট কেতিয়া দিব সেয়াও আপোনাৰ নজৰত নাথাকে। আন বহু সিদ্ধান্তৰ কথাও আপোনাৰ অগোচৰে হয়। তেন্তে আপুনি কিহৰ শিক্ষামন্ত্ৰী?

সেইদিনা বকোত কোৱা কথাখিনি আপুনি মিছা বুলি কৈছে। কিন্তু একাংশ শিক্ষকৰ মূৰত মাল নাই বুলি কোৱা কথাতো নিজ কানে শুনাৰ পাছত কোনে মানি ল'ব পাৰে আপোনাৰ মুখত সেই ধৰণৰ শব্দ ওলোৱা নাছিল বুলি?

শিক্ষকৰ মূৰত মাল নাই বুলি যি প্ৰেক্ষাপটতেই নহওক আপুনি কোৱাতো সত্য। ইয়াক আপুনি মাৰ্জিত শব্দ বুলি মানি ল'ব পাৰিলেও একাংশ শিক্ষকৰ প্ৰতি কৰা এই অসন্মান আত্ম সন্মানেৰে জীয়াই থকা, দায়িত্ব সহকাৰে কৰ্তব্য পালন কৰা শিক্ষক সকলে কেনেদৰে মানি ল'ব পাৰে?

আপোনাৰ দৰে ব্যক্তি বিশেষৰ পৰা এনে আচৰণ জানো কামনা কৰা হয়? আপোনাৰ এতিয়া নিজস্বতা বুলি হয়তো একোৱেই নাই। এখন চৰকাৰী জাননী শুদ্ধ ইংৰাজীত লিখিব নোৱাৰা এটা বিভাগৰ মন্ত্ৰী আপুনি। সেই দোষো সাংবাদিকে ইংৰাজী নজনা বাবে হোৱা বুলি কৈ দায়িত্ব সামৰা মন্ত্ৰীহে আপুনি।

আপোনাৰ পূৰ্বৰ সেই ব্যক্তিত্ব স্খলিত হ'ল। পূৰ্বৰ সেই আপোনাৰ প্ৰতি ধাৰণা, আপোনাৰ প্ৰগতিবাদী চিন্তা কৰবাত ৰৈ গ'ল। জাতি-জনগোষ্ঠী, স্ব-অধিকাৰ সংগ্ৰামক একালত নেতৃত্ব দিয়া অন্যতম প্ৰৱক্তা গৰাকী এতিয়া গোপন ৰাজনৈতিক লিপ্সাত ব্যস্ত।

লোকসভা, বিধানসভা নিৰ্বাচনত নিজৰ গণভিত্তিক সম্বল কৰি লৈ কাৰোবাক সহায় কৰাৰ পুৰস্কাৰেৰে হয়তো আপুনি মন্ত্ৰী হ'ল। সংগ্ৰামী আৰু সাহসী সত্বাক, স্বদেশ আৰু স্বজাতিক বিক্ৰী কৰি ৰাষ্ট্ৰীয়তাবাদৰ জয়গান গাঁওতে আপুনি অতীত পাহৰি পেলালে।

এতিয়া আপুনিয়ে কওকচোন, মূৰৰ মাল কাৰ শেষ হৈছে? শিক্ষকৰ যোগ্যতা নিৰূপন পৰীক্ষা পাতি শিক্ষক বাচনিৰ এই প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই যদি কোনো শিক্ষকে আপুনি কোৱাৰ দৰেই অনিয়মীয়াকৈ বিদ্যালয়-মহাবিদ্যালয়লৈ আহে, জ্ঞানৰ অভাৱত শিক্ষাদান নকৰে তেনেহ'লে আপোনাৰ দৰে মন্ত্ৰীয়ে সেইবোৰ দেখি কিয় চকু মুদি থাকে।

শিক্ষকৰ বৃত্তিটো আন বৃত্তিৰ দৰে নহয়। ইয়াক সাধাৰণীকৰণ কৰা জানো উচিত? আপোনালোকৰ দৰে সুবিধাবাদৰ নামান্তৰ সকলে বহু সময়ত বহু কথা কয়। কেতিয়াবা কেতিয়াবা আপোনালোক হৈ পৰে কোনো এক শ্ৰেণীৰ স্তাৱক। আপোনাৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধাশীল হৈও এই কথা কবলৈ সংকোচ নহয় যে এতিয়া আপুনি যিমান চাফাই নাগালেও শিক্ষকক সন্মান কৰিবলৈ আপুনিও পাহৰি পেলালে।

ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়োজনীয় আৰু সময়মতে পাঠ্যপুথি পাইছেনে, শিক্ষক সকলৰ সমস্যা সমূহ সমাধান হৈছেনে, শিক্ষাৰ মাধ্যম বিতৰ্কৰ সমাধান কি হ'ব এইবোৰ কথাকলৈ মুকলি বিতৰ্ক কৰক।

প্ৰকৃত শিক্ষকে কেৱল মানৱ সম্পদ গঢ়ে। কেতিয়াও সেই সফলতা আৰু ত্যাগৰ প্ৰতিদান নিবিচাৰে। কিন্তু বাৰে বাৰে শিক্ষক সকলকেই চফ্ট টাৰ্গেট কৰি লোৱা হয়। আজি আপুনি কৈছে, কাইলৈ কোনোবা ছাত্ৰই শিক্ষকক এইদৰে এই শব্দৰে অসন্মান কৰিব। এনে অশুভ পৰম্পৰাৰ আৰম্ভণী আপোনালোকৰ দৰে নেতা সকলেই কৰিছে।

বকোত আপুনি কোৱা কথাখিনি সংবাদ মাধ্যমে বা একাংশলোকে অপবাখ্যা কৰা বুলি অভিযোগ কৰিছে। কিন্তু সেই অপবাখ্যা কৰিব পৰা সুযোগ আপুনিয়ে জানো দি থৈ অহা নাই। কিছুমান কথা, কিছুমান শব্দ গুৰুত্বপূৰ্ণ মঞ্চত কিছুমানলোকে ব্যৱহাৰ কৰিলে শোভা নাপায়।

সেয়া ভাল নেদেখি, ভাল নুশুনি। আপোনাৰ দৰে গুৰুত্বপূৰ্ণ আৰু মৰ্যদাসম্পন্ন পদবীত থকা সকলে সেই বিষয়টোকলৈও সচেতন নহয়। আপোনালোকক সেয়েহে সুধিব মন যায় আচলতে এই ধৰণৰ শব্দ ব্যৱহাৰ কৰা সকলৰ মূৰত আপুনি কোৱা শব্দটোৰ দৰেই মাল আছে নে নাই? শিক্ষক সকলক সন্মান নকৰিলও অসন্মান কৰা অধিকাৰো আপোনাক কোনোৱে দিয়া নাই।

 নাই কাৰ?
কাণখোৱা !

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in