দিল্লীৰ মেট্ৰ'ত মোডীঃ মত বিনিময় কৰিলে সাধাৰণ যাত্ৰীৰে...

দিল্লীৰ মেট্ৰ'ত মোডীঃ মত বিনিময় কৰিলে সাধাৰণ যাত্ৰীৰে...

author-image
Asomiya Pratidin
New Update
দিল্লীৰ মেট্ৰ'ত মোডীঃ মত বিনিময় কৰিলে সাধাৰণ যাত্ৰীৰে...

দিল্লীৰ মেট্ৰ'ত মোডীঃ মত বিনিময় কৰিলে সাধাৰণ যাত্ৰীৰে...

ডিজিটেল ডেস্কঃ আমেৰিকা, ইজিপ্ত ঘূৰি আহি স্বদেশত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই কেইদিন যথেষ্ট ব্যস্ত। নিশা এপৰলৈ দলীয় সতীৰ্থৰ সৈতে ভাগ লৈছে বৈঠকত।

Advertisment

দল আৰু আগন্তুক নিৰ্বাচন সন্দৰ্ভত গ্ৰহণ কৰিছে কেতবোৰ সিদ্ধান্ত। তাৰ মাজতেই আজি তেওঁক দেখা গ'ল দিল্লীৰ মেট্ৰ'ত।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি দিল্লী মেট্ৰ'ত উঠি যাত্ৰা কৰাৰ লগতে নিজেই মেট্ৰ' ষ্টেচনৰ পৰা কুপনো সংগ্ৰহ কৰিলে। উল্লেখ্য যে, দিল্লী বিশ্ববিদ্যালয়ৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে অনুষ্ঠিত হৈছে এক সমাৰোহ।

এই সমাৰোহত অংশ ল'বলৈকে তেওঁ এইদৰে মেট্ৰ'ত যাত্ৰা কৰিলে। আজি তেওঁ দিল্লী বিশ্ববিদ্যালয়ত ৩ টা নতুন বিল্ডিঙৰ আধাৰশিলাও স্থাপন কৰিব।

এই তিনিওটা ভৱন ক্ৰমে কম্পিউটাৰ চেণ্টাৰ, ফেকাল্টি অফ টেকনলজিৰ ভৱন আৰু বিশ্ববিদ্যালয়খনৰ নৰ্থ কেম্পাচৰ একাডেমিক ব্লক। এই অনুষ্ঠানত অংশ ল'বলৈ যোৱা মোডীয়ে মেট্ৰ'ৰ যাত্ৰীসকলৰ সৈতেও মত বিনিময় কৰে। কেইবাজনো ছাত্ৰৰ সৈতেও তেওঁ কথা পাতে।

Also Read: প্ৰতিবাদ, বিতৰ্ক, দুৰ্যোগৰ মাজতো NHPC য়ে সম্পূৰ্ণ কৰিলে বৃহৎ নদীবান্ধৰ কংক্ৰিটৰ কাম...

দিল্লী নৰেন্দ্ৰ মোডী