প্ৰতিবাদ, বিতৰ্ক, দুৰ্যোগৰ মাজতো NHPC য়ে সম্পূৰ্ণ কৰিলে বৃহৎ নদীবান্ধৰ কংক্ৰিটৰ কাম...

প্ৰতিবাদ, বিতৰ্ক, দুৰ্যোগৰ মাজতো NHPC য়ে সম্পূৰ্ণ কৰিলে বৃহৎ নদীবান্ধৰ কংক্ৰিটৰ কাম...
প্ৰতিবাদ, বিতৰ্ক, দুৰ্যোগৰ মাজতো NHPC য়ে সম্পূৰ্ণ কৰিলে বৃহৎ নদীবান্ধৰ কংক্ৰিটৰ কাম...

ডিজিটেল ডেস্কঃ নানান বিতৰ্ক, দুৰ্যোগৰ মাজতো এন এইছ পি চিয়ে সম্পূৰ্ণ কৰিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ কংক্ৰিটৰ কাম। এই সন্দৰ্ভত এন এইছ পি ছিয়ে প্ৰেৰণ কৰিছে এক প্ৰেছ বিজ্ঞপ্তি।

২০০০ মেগাৱট সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সম্পূৰ্ণ কৰাৰ দিশত আটইতকৈ বৃহৎ সাফল্য হিচাপে ২৯ জুনত বান্ধৰ সকলো খণ্ডতে ১১৬ মিটাৰ উচ্চতালৈ সম্পূৰ্ণ কৰা হৈছে বুলি প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ। ইয়াৰোপৰিও প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাই সমগ্ৰ প্ৰকল্পৰ কৰ্মকৰ্তাসকলৰ কঠোৰ পৰিশ্ৰম, প্ৰতিশ্ৰুতি আৰু নিষ্ঠাক প্ৰশংসা কৰি এই গুৰুত্বপূৰ্ণ লক্ষ্য সম্পূৰ্ণ কৰাৰ বাবে সকলো অংশীদাৰকে অভিনন্দন জ্ঞাপন কৰিছে।

এন এইছ পি চি লিমিটেডে ১২ অক্টোবৰ ২০০৪ ত মন্ত্ৰণালয়ৰ অনুমোদনৰ পিছত ২০০৫ চনৰ জানুৱাৰীত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল যদিও এই বান্ধৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ, আন্দোলনৰ বাবে প্ৰকল্প নিৰ্মাণৰ কাম ২০১১ ৰ ডিচেম্বৰৰ পৰা ২০১৯ ৰ অক্টোবৰলৈ স্থগিত ৰখা হৈছিল।

এন এইছ পি চিৰ উপ-মহাপ্ৰবন্ধক (জন সম্পৰ্ক) সঞ্জীৱ কুমাৰ গুলেৰিয়াই প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ দ্বাৰা সকলো আইনী সমস্যা আঁতৰ কৰাৰ পিছত প্ৰকল্প পুনৰ নিৰ্মাণৰ কাম ২০১৯ ৰ ১৫ অক্টোবৰৰ পৰা আৰম্ভ হয়। ইয়াৰোপৰি প্ৰকল্পৰ সকলো উপাদান যেনে বান্ধ, পাৱাৰ হাউচ, হাইড্ৰমেকানিকেল কাম আদিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশত দ্ৰুত গতিত আগবাঢ়িছে।

এন এইছ পি চিয়ে উল্লেখ কৰা অনুসৰি মুঠ প্ৰকল্পৰ কামৰ ৯০ শতাংশৰো অধিক ইতিমধ্যে সম্পূৰ্ণ হৈছে। বাৰিষাৰ পিছত ৰেডিয়েল গেটৰ বাকী কম সম্পূৰ্ণ হ'ব আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষৰ শেষৰ ফালে বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ হ'ব। এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত বছৰি প্ৰায় ৭৫০০ নিযুত একক বিদ্যুৎ শক্তি উৎপাদন কৰিব।

প্ৰতিবাদ, বিতৰ্ক, দুৰ্যোগৰ মাজতো NHPC য়ে সম্পূৰ্ণ কৰিলে বৃহৎ নদীবান্ধৰ কংক্ৰিটৰ কাম...
কনকসেন ডেকালৈ পণ্ডিত দীনেশ্বৰ শৰ্মা সোঁৱৰণী “সমাজ শিৰোমণি’’ বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in