জি-২০ৰ সফল সমাপ্তিঃ দিল্লী আৰক্ষীৰ সৈতে নৈশ ভোজ খাব প্ৰধানমন্ত্ৰী মোডীয়ে...

জি-২০ৰ সফল সমাপ্তিঃ দিল্লী আৰক্ষীৰ সৈতে নৈশ ভোজ খাব প্ৰধানমন্ত্ৰী মোডীয়ে...
জি-২০ৰ সফল সমাপ্তিঃ দিল্লী আৰক্ষীৰ সৈতে নৈশ ভোজ খাব প্ৰধানমন্ত্ৰী মোডীয়ে...

ডিজিটেল ডেস্কঃ সদ্য সমাপ্ত জি-২০ সন্মিলনত নিষ্ঠাৰে দায়িত্ব পালন কৰা আৰক্ষীসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষ নৈশ ভোজলৈ আমন্ত্ৰণ জনাইছে। উল্লেখ্য যে, জি-২০ সন্মিলনত উপস্থিত হোৱা ৰাষ্ট্ৰ নেতাসকলৰ লগত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ গুৰুত্বপূৰ্ণ ব্যক্তিসকলৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰিছিল দিল্লী আৰক্ষীয়ে।

তেওঁলোকৰ সেই পৰিশ্ৰমক স্বীকৃতি দিয়াৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লী আৰক্ষীৰ শীৰ্ষপদস্থ বিষয়াৰ লগতে বিভিন্ন আৰক্ষী থানাত কৰ্মৰত আৰক্ষীৰ লোকসকলক নৈশ ভোজৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

প্ৰধানমন্ত্ৰী সচিবালয়লৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি চলিত সপ্তাহতে দিল্লী আৰক্ষীৰ প্ৰায় ৪৫০ গৰাকী বিষয়া আৰু জোৱানৰ সৈতে নৈশ ভোজত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী। এই নৈশ ভোজৰ আয়োজন কৰা হৈছে জি-২০ শীৰ্ষ সন্মিলন- স্থল ভাৰত মণ্ডপত।

প্ৰধানমন্ত্ৰী মোডীৰ সৈতে এই নৈশ ভোজৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে। এই নৈশ ভোজত কাক কাক আমন্ত্ৰণ জনাব সেই লৈ এক তালিকাও প্ৰস্তুত কৰা হৈছে। এই তালিকা প্ৰস্তুৰ দায়িত্বত আছে দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় আৰোৰা। তেওঁ আৰক্ষী জোৱানসকলৰ এক তালিকা প্ৰস্তুত কৰি সংশ্লিষ্ট বিষয়ালৈ প্ৰেৰণ কৰিছে।

জি-২০ৰ সফল সমাপ্তিঃ দিল্লী আৰক্ষীৰ সৈতে নৈশ ভোজ খাব প্ৰধানমন্ত্ৰী মোডীয়ে...
গ্ৰাহকৰ অভাব, অভিযোগলৈ গুৰুত্ব নাই SBIৰঃ দীৰ্ঘদিনে বিকল ATM, হাৰাশাস্তিৰ সন্মুখীন জনতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in