গ্ৰাহকৰ অভাব, অভিযোগলৈ গুৰুত্ব নাই SBIৰঃ দীৰ্ঘদিনে বিকল ATM, হাৰাশাস্তিৰ সন্মুখীন জনতা...

গ্ৰাহকৰ অভাব, অভিযোগলৈ গুৰুত্ব নাই SBIৰঃ দীৰ্ঘদিনে বিকল ATM, হাৰাশাস্তিৰ সন্মুখীন জনতা...
গ্ৰাহকৰ অভাব, অভিযোগলৈ গুৰুত্ব নাই SBIৰঃ দীৰ্ঘদিনে বিকল ATM, হাৰাশাস্তিৰ সন্মুখীন জনতা...

ডিজিটেল সংবাদ মথুৰাপুৰঃ বিভিন্ন সময়ক, বিভিন্ন অজুহাতত জনসাধাৰণৰ জমা ধনৰ পৰা মাচুলৰ নামত এটা অংশ কৰ্তন কৰি গ্ৰাহকক ব্যতিব্যস্ত কৰি ভাগৰি নপৰা ভাৰতীয় ষ্টেট বেংকে চিন্তা নকৰে গ্ৰাহকৰ সুবিধা, অসুবিধাৰ কথা। যাৰ পৰিণতিত প্ৰায়েই এই বেংকটোৰ প্ৰতি গ্ৰাহকে ক্ষোভ প্ৰকাশ কৰি আহিছে।

মথুৰাপুৰতো এই বেংকটোৱে গ্ৰাহকক পৰ্যাপ্ত সুবিধা নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ভাৰতীয় ষ্টেট বেংকৰ মথুৰাপুৰ সদৰত থকা এ টি এম সেৱা কেন্দ্ৰটো সঘনাই বিকল হৈ থকাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে গ্ৰাহকসকল ৷

কোনো অজ্ঞাত কাৰণবশত এ টি এম কেন্দ্ৰটো মাজে সময়ে বন্ধ হৈ থকাৰ লগতে সঘনে বিকল হৈ থাকে। যাৰ বাবে প্ৰয়োজনত সাচতীয়া ধন উঠাবলৈ গৈ বাৰে বাৰে বিমুখ হয় বৃহত্তৰ অঞ্চলটোৰ ৰাইজসকল।

এই বিষয়ে ভাৰতীয় ষ্টেট বেংকক গ্ৰাহকসকলে বিভিন্ন সময়ত ওজৰ আপত্তি কৰি আহিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই বেংক কৰ্তৃপক্ষই। যাৰ বাবে এতিয়া ভুক্তভোগী ৰাইজে এই এ টি এম কাৰ্যক্ষম কৰি তুলিবলৈ উৰ্ধতম কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণৰ বাবে সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হৈছে। ৰাজইৰ দাবী শীঘ্ৰেই এই এ টি এম সক্ৰিয় কৰি ৰাইজক এই সমস্যাৰ পৰা মুক্ত কৰক।

গ্ৰাহকৰ অভাব, অভিযোগলৈ গুৰুত্ব নাই SBIৰঃ দীৰ্ঘদিনে বিকল ATM, হাৰাশাস্তিৰ সন্মুখীন জনতা...
গুৱাহাটীত গ্ৰেপ্তাৰ ৰাজস্থানৰ চোৰাং সোণ সৰবৰাহকাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in