/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d691b2a1-d89e-407a-bad1-8b4241c85efa/AP_FOR_WEB_modi.jpg)
বান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পত নতুন ৰূপত প্ৰধানমন্ত্ৰী মোডী...
ডিজিটেল ডেস্কঃ পনুৰ ৰূপ সলনি কৰিলে নৰেন্দ্ৰ মোডীয়ে। বগা কুৰ্টা, ৰঙীন কোটৰ পৰিৱৰ্তে এইবাৰ পৰিধান কৰিলে খাকী পোছাক। এদিনৰ বাবে তেওঁ নিজকে সজাই তুলিলে ফৰেষ্ট অফিচাৰৰ ৰূপত।
কৰ্ণাটক ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত এই নতুন ৰূপ ধাৰণ কৰিলে। দেওবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যখনৰ বান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল ভ্ৰমণ কৰাৰ লগতে থেপ্পাকাডু হস্তী শিবিৰো পৰিদৰ্শন কৰে।
ইয়াত তেওঁ মাউট আৰু তদাৰকীসকলৰ সৈতে মত বিনিময় কৰে। একেদৰে তেওঁ বান্দিপুৰত ব্যাঘ্ৰ সংৰক্ষণৰ লগত জড়িত বিভিন্ন গোটসমূহৰ সৈতেও মত বিনিময় কৰে।
উল্লেখ্য যে, ৫০ বছৰ পূৰ্বে ব্যঘ্ৰ সংৰক্ষণৰ বাবে আৰম্ভ কৰা প্ৰজেক্ট টাইগাৰ প্ৰকল্পৰ সোণালী জজয়ন্তীৰ কাৰ্যসূচী তেওঁ আজি শুভ উদ্বোধন কৰিব। সমান্তৰালকৈ প্ৰকাশ কৰিব দেশত থকা বাঘৰ সংখ্যা।
আজি তেওঁ ৰাজ্যখনত ইণ্টাৰনেশ্যনেল বিগ কেটছ এলায়েন্স মুকলি কৰিব। ইয়াৰ উপৰিও তেওঁ উন্মোচন কৰিব অমৃত কালৰ ভিজন। ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এটা স্মাৰক মুদ্ৰাও মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।
प्रधानमंत्री नरेंद्र मोदी कर्नाटक के बांदीपुर टाइगर रिजर्व पहुंचे। pic.twitter.com/YGe1h4oXxT
— ANI_HindiNews (@AHindinews) April 9, 2023
Also Read: বুলেন ভূঞাৰ অনন্য পদক্ষেপ : সংৰক্ষণ কৰিছে শতাধিক মাখিয়তি গছ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us