প্ৰধানমন্ত্ৰীৰ মহীশূৰ ভ্ৰমণৰ ১৩ মাহৰ পাছতো হোটেল ৰেডিচন ব্লুক নিদিলে বিল...

আইনৰ কাষ চপাৰ হুংকাৰ দিয়াৰ পিছতে তৎপৰ এন টি চি এ

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰীৰ মহীশূৰ ভ্ৰমণৰ ১৩ মাহৰ পাছতো  হোটেল ৰেডিচন ব্লুক নিদিলে বিল...

প্ৰধানমন্ত্ৰীৰ মহীশূৰ ভ্ৰমণৰ ১৩ মাহৰ পাছতো হোটেল ৰেডিচন ব্লুক নিদিলে বিল...

ডিজিটেল ডেস্কঃ অৱশেষত নেচনেল টাইগাৰ কনজাৰ্ভেছন এজেঞ্চি চমুকৈ এন টি চি এয়ে ১৩ মাহৰ মূৰত আদায় দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মহীশূৰ ভ্ৰমণৰ সময়ৰ হোটেলৰ বিল। উল্লেখ্য যে, হোটেল ৰেডিচন ব্লু প্লাজাই প্ৰধানমন্ত্ৰীৰ মহীশূৰ ভ্ৰমণৰ সময়ত তেওঁলোকৰ হোটেলত থকাৰ বিল পৰিশোধ নকৰাৰ কথা প্ৰকাশ কৰিছিল।

Advertisment

হোটেল কৰ্তৃপক্ষই শেহতীয়াকৈ ৰাজহুৱাকৈয়ে কৈছিল ১ জুনৰ ভিতৰত যদি এই বিল পৰিশোধ নকৰে তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ পিছতে এতিয়া এন টি চিয়ে সেই বিল পৰিশোধ কৰিলে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰজেক্ট টাইগাৰৰ ৫০ বৰ্ষ উপলক্ষে যোৱা বছৰৰ এপ্ৰিলত মহীশূৰ ভ্ৰমণৰ সময়ত এই হোটেলখনত আছিল। এই অনুষ্ঠানৰ বাবে এন টি চি আৰু কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰণালয়ে ৩ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিছিল।

ৰাজ্য চৰকাৰক আশ্বাস দিয়া হৈছিল যে তেওঁলোকে এই কাৰ্যসূচীৰ বাবে কেন্দ্ৰৰ পৰা বিত্তীয় সাহায্য লাভ কৰিব। কিন্তু অনুষ্ঠান সম্পূৰ্ণ হোৱালৈকে ৩ কোটিৰ ঠাইত  মুঠ ব্যয় হয়গৈ ৬.৩৩ কোটি টকা। এন টি চি এয়ে ইয়াৰে ৩ কোটি টকাৰ বিল পৰিশোধ কৰিছিল যদিও বাকী বিল পৰিশোধ কৰা হোৱা নাছিল।

এই কাৰ্যসূচীৰ পিছত  ৰাজ্য চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰণালয়ক হোটেলৰ বকেয়াৰ বিষয়ে অৱগত কৰিছিল। ইয়াৰ পিছত এন টি চি এয়ে হোটেলখনক পোনপটীয়াকৈ ১ কোটি টকা পৰিশোধ কৰিছিল। কিন্তু এই বিষয়ে ৰাজ্যিক বন বিভাগক অৱগত কৰা নাছিল।

এই সন্দৰ্ভত কৰ্ণাটকৰ বনমন্ত্ৰী ঈশ্বৰ খান্দ্ৰেয়ে সংবাদ মাধ্যমৰ আগত কয় যে, সাধাৰণতে ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসম্পৰ্কীয় সকলো ব্যয় ৰাজ্য চৰকাৰে পৰিশোধ কৰে। গতিকে আমি ৮০ লাখ টকাৰ বিল পৰিশোধ কৰাৰ সিদ্ধান্ত লৈছিলোঁ। মই সংবাদ মাধ্যমৰ আগত এই বিষয়ে উল্লেখ কৰাৰ পাছতে এন টি চি এয়ে হোটেলৰ বিল পৰিশোধ কৰিবলৈ ৰাজ্য চৰকাৰক ২.৩৩ কোটি টকা পৰিশোধ কৰিছে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সকলো বকেয়া কৰ্ণাটক চৰকাৰে প্ৰথমে পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকৰ যুক্তি আছিল যে, এয়া কোনো ৰাজ্যিক কাৰ্যসূচী নহয়। সেই সময়ত কৰ্ণাটক ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী আচৰণবিধি বলবৎ আছিল।

Also Read: মৰিয়নিত ভাৰতীয় সেনাৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় নাৰী স্বাস্থ্য সুৰক্ষা দিৱস উদযাপন...

নৰেন্দ্ৰ মোডী হোটেল ৰেডিচন ব্লু