মৰিয়নিত ভাৰতীয় সেনাৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় নাৰী স্বাস্থ্য সুৰক্ষা দিৱস উদযাপন...

মৰিয়নিত ভাৰতীয় সেনাৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় নাৰী স্বাস্থ্য সুৰক্ষা দিৱস উদযাপন...

author-image
Asomiya Pratidin
New Update
মৰিয়নিত ভাৰতীয় সেনাৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় নাৰী স্বাস্থ্য সুৰক্ষা দিৱস উদযাপন...

মৰিয়নিত ভাৰতীয় সেনাৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় নাৰী স্বাস্থ্য সুৰক্ষা দিৱস উদযাপন...

ডিজিটেল সংবাদ মৰিয়নিঃ মৰিয়নি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত আন্ত:ৰাষ্ট্ৰীয় নাৰী স্বাস্থ্য সুৰক্ষা দিৱস উপলক্ষে মৰিয়নিৰ ভাৰতীয় সেনাৰ ১১ নং ৰেজিমেণ্টৰ উদ্যোগত আৰু মৰিয়নি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ শিক্ষক, শিক্ষয়ত্ৰীৰ সহযোগত নাৰী স্বাস্থ্য সজাগতা সন্দৰ্ভত এখনি সজাগতা সভা অনুষ্ঠিত হয়।

Advertisment

এই অনুষ্ঠানত নকছাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ পিংকি বৰুৱা কটকীৰ লগতে কেইবাগৰাকীও সেনা চিকিৎসক বিষয়াই অংশগ্ৰহণ কৰি ছাত্ৰীসকলক উদ্দেশ্যি নাৰীৰ স্বাস্থ্য সজাগতা সম্পৰ্কে ভাষণ প্ৰদান কৰাৰ লগতে মৰিয়নিৰ আশা কৰ্মীসকলে বিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত চেনিটেৰী নেপকিন বিতৰণ কৰে।

অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী ববিনা তাঁতী আগৰৱালায়ে এই শিবিৰ অনুষ্ঠিত কৰাৰ বাবে ১১ নং সেনা ৰেজিমেণ্টৰ কৰ্তৃপক্ষ আৰু উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Also Read: মেঘালয়ত নৈশ বাছৰ পৰা বুজণ পৰিমাণৰ হেৰ'ইন জব্দঃ গ্ৰেপ্তাৰ এজন

মৰিয়নি