বিভিন্ন কাৰ্যসূচীৰে আমেৰিকালৈ প্ৰধানমন্ত্ৰী মোডী

বিভিন্ন কাৰ্যসূচীৰে আমেৰিকালৈ প্ৰধানমন্ত্ৰী মোডী

ডিজিটেল ডেস্ক : কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে আমেৰিকালৈ বুলি যাত্ৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। মঙলবাৰে পুৱাই বিশেষ বিমানযোগে আমেৰিকালৈ বুলি যাত্ৰা আৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

আমেৰিকা আৰু ভাৰতৰ মাজৰ কেতবোৰ বিষয়কলৈ গঠনমূলক আলোচনাৰ বাবে আমেৰিকালৈ উৰা মাৰে মোডীয়ে। জানিব পৰা মতে, দুয়োখন দেশৰ প্ৰতিৰক্ষা আৰু প্ৰযুক্তি সন্দৰ্ভতো ৰাষ্ট্ৰপতি জো বাইডেনৰে হ'ব আলোচনা।

অৱশ্যে ইয়াৰ পূৰ্বে ২১ জুনত নিউয়ৰ্কস্থিত ৰাষ্ট্ৰ সংঘৰ কাৰ্যালয়ত উদযাপন কৰা হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। য'ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী অনুসৰি ৱাশ্বিংটন ডিচিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া অধিৱেশনত মোডীয়ে ভাষণ প্ৰদান কৰিব।

বিভিন্ন কাৰ্যসূচীৰে আমেৰিকালৈ প্ৰধানমন্ত্ৰী মোডী
বটদ্ৰৱাত বিষ্ণু ৰাভা দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in