বটদ্ৰৱাত বিষ্ণু ৰাভা দিৱস উদযাপন

বটদ্ৰৱাত বিষ্ণু ৰাভা দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত বিষ্ণু ৰাভা দিৱস উদযাপন

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ ৰাজ্যজুৰি উদযাপন কৰা হৈছে বিষ্ণু ৰাভা দিৱস। বটদ্ৰৱাতো উদযাপন কৰা হয় সৈনিক শিল্পীগৰাকীৰ স্মৃতি দিৱস।

Advertisment

মঙলবাৰে বটদ্ৰৱাৰ মাজজাজৰি গাঁৱত অনুষ্ঠিত কৰা হৈছে বিষ্ণু ৰাভা দিৱস। মাজজাজৰি ক্ষীৰকান্ত শৰ্মা প্ৰেক্ষাগৃহত অনুষ্ঠিত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে পুৱা বন্তি প্ৰজ্বলন আৰু শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পন কৰে নিৰলা গোস্বামীয়ে।

ইয়াৰ পিচতে নৃত্যশিল্পী ইন্দ্ৰানী গোস্বামীৰ পৰিচালনাত গাঁৱৰ কণকণ মইনাসকলে বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য-গীতৰ অনুষ্ঠানেৰে পৰিবেশটো মুখৰিত কৰি তোলে।

Also Read: গুণোৎসৱত দুৰ্বল প্রদর্শন : ঢকুৱাখনাৰ ৩৩ খন বিদ্যালয়ৰ প্ৰধানলৈ কাৰণ দৰ্শোৱাৰ জাননী

batdraba Bishnu Prasad Rabha