আজি অযোধ্যালৈ যাব প্ৰধানমন্ত্ৰীঃ উদ্বোধন কৰিব বিমান বন্দৰ, ৰে'ল ষ্টেচন...

আজি অযোধ্যালৈ যাব প্ৰধানমন্ত্ৰীঃ উদ্বোধন কৰিব বিমান বন্দৰ, ৰে'ল ষ্টেচন...

author-image
Asomiya Pratidin
New Update
আজি অযোধ্যালৈ যাব প্ৰধানমন্ত্ৰীঃ উদ্বোধন কৰিব বিমান বন্দৰ, ৰে'ল ষ্টেচন...

আজি অযোধ্যালৈ যাব প্ৰধানমন্ত্ৰীঃ উদ্বোধন কৰিব বিমান বন্দৰ, ৰে'ল ষ্টেচন...

ডিজিটেল ডেস্কঃ অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ বাবে মাজত মাত্ৰ কেইটামান দিন। তাৰ পূৰ্বে আজি অযোধ্যালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অযোধ্যাক পুনৰ নিৰ্মাণৰ উদ্দেশ্যৰে কেইবাহাজাৰ কোটি টকীয়া প্ৰকল্প লৈ অযোধ্যালৈ যাবলৈ সাজু হোৱা প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিব অযোধ্যাত নতুনকৈ সজাই তোলা বিমান বন্দৰ।

Advertisment

ৰামায়ণৰ শ্ৰষ্টাৰ নামেৰে নামকৰণ কৰা অযোধ্যাৰ বিমান বন্দৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ৰাম মন্দিৰ উদ্বোধনৰ আগে আগে এই বিমান বিন্দৰ নিৰ্মাণ সম্পূৰ্ণ কৰি সাজু কৰি তোলা হৈছে।

এই বিমান বন্দৰটো আন্তঃৰাষ্ট্ৰীয় মানৰ। ইয়াৰোপৰি সমগ্ৰ অযোধ্যা চহৰখনকো নতুনকৈ সজাই তোলা হৈছে। অযোধ্যাৰ পুৰণি মন্দিৰসমূহ নতুনকৈ সজাই পৰাই তোলাৰ লগতে পথবোৰো নতুনকৈ মেৰামতি কৰি নতুন পথৰ দৰে কৰি তুলিছে। উল্লেখ্য যে, ২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ব ৰাম মন্দিৰ।

ৰামায়ণৰ শ্ৰেষ্টা মহৰ্ষী বাল্মীকিৰ নামেৰে অযোধ্যাৰ বিমান বন্দৰৰ নামকৰণ কৰা হৈছে। অত্যাধুনিক সুযোগ সুবিধাসহ এই বিমান বন্দৰ আন্তঃৰাষ্ট্ৰীয় মানৰ কৰি তোলা হৈছে। এই বিমান বন্দৰটোৰ নাম হ'ব 'মহৰ্ষী বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ অযোধ্যাধাম'।

ইয়াৰ পূৰ্বে এই বিমান বন্দৰৰ নাম আছিল 'মৰ্যাদা পুৰুষোত্তম শ্ৰী ৰাম অযোধ্যা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ'। উদ্বোধনৰ ঠিক এদিন পিছৰ পৰাই এই বিমান বন্দৰটো কাৰ্যক্ষম হৈ পৰিব।

ইয়াৰোপৰি আজিয়েই প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিব নতুন ৰে'ল ষ্টেচনো। এই একেটা দিনতে তেওঁ অযোধ্যাৰ উন্নয়নৰ বাবে বৃহৎ প্ৰকল্প ঘোষণা কৰিব। জানিব পৰা মতে ১৫ হাজাৰ ৭০০ কোটি টকাৰ প্ৰকল্প ঘোষণা কৰিব তেওঁ। এই প্ৰকল্পসমূহৰ ভিতৰত আছে বিমান বন্দৰৰ উন্নয়ন, ৰে'ল ষ্টেচনৰ উন্নয়নো।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি অযোধ্যাত বিশ্বমানৰ বিমান বন্দৰ গঢ়ি তোলাৰ সপোন আছিল প্ৰধানমন্ত্ৰীৰ। সেয়ে এই চহৰৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়, সমস্ত সুযোগ, সুবিধাৰ উন্নয়ন কৰাটো দৰকাৰ। অযোধ্যা চহৰৰ ঐতিহ্যক ধৰি ৰখাৰ বাবেও এই পদক্ষেপৰ প্ৰয়োজন।

Also Read: ১৫ হাজাৰ ৭০০ কোটি টকাৰ প্ৰকল্প লৈ অযোধ্যালৈ প্ৰধানমন্ত্ৰীঃ ৰামায়ণৰ শ্ৰষ্টাৰ নামেৰে নামকৰণ বিমান বন্দৰ...

অযোধ্যা নৰেন্দ্ৰ মোডী