প্ৰধানমন্ত্ৰী মোডীৰ পঞ্চম নিযুক্তি মেলাঃ ৭১ হাজাৰে পালে চাকৰি....

প্ৰধানমন্ত্ৰী মোডীৰ পঞ্চম নিযুক্তি মেলাঃ ৭১ হাজাৰে পালে চাকৰি....

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰী মোডীৰ পঞ্চম নিযুক্তি মেলাঃ ৭১ হাজাৰে পালে চাকৰি....

প্ৰধানমন্ত্ৰী মোডীৰ পঞ্চম নিযুক্তি মেলাঃ ৭১ হাজাৰে পালে চাকৰি....

ডিজিটেল ডেস্কঃ প্ৰায় ৭১ হাজাৰ শিক্ষিত যুৱক-যুৱতীক আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিযুক্তি মেলাৰ জৰিয়তে প্ৰদান কৰিলে নিযুক্তি পত্ৰ। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে এই নিযুক্তি প্ৰদান অনুষ্ঠান সম্বোধন কৰে।

Advertisment

নিযুক্তি প্ৰাপ্ত এই ৭১ হাজাৰ যুৱক-যুৱতীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰিব। তাৰ ভিতৰত আছে গ্ৰাম্য ডাক সেৱক,  ডাক পৰিদৰ্শক, বাণিজ্যিক-টিকট ক্লাৰ্ক,  কনিষ্ঠ কেৰাণী-টাইপিষ্ট, কনিষ্ঠ একাউণ্ট কেৰাণী, ট্ৰেক ৰক্ষণাবেক্ষণকাৰী, সহকাৰী শাখা বিষয়া, নিম্ন বিভাগৰ কেৰাণী, উপ-বিভাগীয় বিষয়া, সহকাৰী প্ৰৱৰ্তন বিষয়া, নাৰ্চিং একাউণ্ট, সহকাৰী বিষয়া, সহকাৰী একাউণ্ট, সহকাৰী বিষয়া, অগ্নি নিৰ্বাপক বিষয়া, বিভাগীয় একাউণ্টেণ্ট, অডিটৰ,  কনিষ্টবল,  হেড কনিষ্টবল,  সহকাৰী কমাণ্ডেণ্ট,  অধ্যক্ষ,  প্ৰশিক্ষিত স্নাতক শিক্ষক,  সহকাৰী পঞ্জীয়ক, সহকাৰী অধ্যাপক আদি।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে এই নিযুক্তি পত্ৰ প্ৰদান কৰাৰ উপৰিও দেশৰ প্ৰায় ৪৫ টা স্থানত এই অনুষ্ঠান অনুষ্ঠিত হৈছে য’ত কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি সাংসদসকল উপস্থিত থাকে। গুৱাহাটীত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। তেওঁ নিযুক্তিপ্ৰাপ্তসকলক হাতত তুলি দিয়ে নিযুক্তি পত্ৰ।

Also Read: পঞ্চম উপায়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণঃ এইবোৰ বিষয়ৰ ওপৰত হ'ব আলোচনা...

নৰেন্দ্ৰ মোডী নিযুক্তি মেলা