পঞ্চম উপায়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণঃ এইবোৰ বিষয়ৰ ওপৰত হ'ব আলোচনা...

পঞ্চম উপায়ুক্ত বৈঠকত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণঃ এইবোৰ বিষয়ৰ ওপৰত হ'ব আলোচনা...

author-image
Asomiya Pratidin
New Update
পঞ্চম উপায়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণঃ এইবোৰ বিষয়ৰ ওপৰত হ'ব আলোচনা...

পঞ্চম উপায়ুক্ত বৈঠকত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণঃ এইবোৰ বিষয়ৰ ওপৰত হ'ব আলোচনা...

ডিজিটেল ডেস্কঃ পঞ্চমবাৰৰ বাবে অনুষ্ঠিত হোৱা জিলা উপায়ুক্ত সন্মিলনৰ আজি দ্বিতীয় দিন। এই বৈঠকত আজি অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

বৈঠকতে অংশগ্ৰহণ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেইবাজনো কেবিনেট সতীৰ্থৰ উপস্থিতিত শুভ উদ্বোধন কৰে জিলাখনৰ গেলাপুখুৰীত নিৰ্মাণ কৰা কনেভেনচন চেণ্টাৰ। মুঠ ১৫ কোটি ৬০ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছে এই কনভেনচন চেণ্টাৰ।

ইয়াত আছে অত্যাধুনিক অতিথিশালা, আলোচনা গৃহ আদি।  এই কনভেনচন চেণ্টাৰতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠি হ'ব জিলা উপায়ুক্তৰ সন্মিলন। এই সন্মিলনত ৰাজ্যৰ মুঠ ৩১ খন জিলাৰ উপায়ুক্তই অংশগ্ৰহণ কৰাৰ উপৰিও উপস্থিত থাকিব ৰাজ্যৰ মুখ্য সচিবকে ধৰি আন আন জ্যেষ্ঠ বিষয়াসকল।  

তিনিচুকীয়া জিলাত সোমবাৰৰ পৰা অনুষ্ঠিত হোৱা এই বৈঠকৰ প্ৰথম দিনটোত উপায়ুক্তসকলৰ ৫ খনকৈ বৈঠক অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ উপৰিও এইবাৰৰ সন্মিলনখন কাষৰীয়া ডিব্ৰুগড় জিলাতো অনুষ্ঠিত হৈছে।

সোমবাৰে মুঠ ৫ টাকৈ স্থানত অনুষ্ঠিত হোৱা ৫ খন বৈঠকৰ ভিতৰত ৩ খন বৈঠক অনুষ্ঠিত হৈছিল ডিব্ৰুগড় জিলাৰ ৩ টা স্থানত। উল্লেখ্য, জিলা উপায়ুক্তসকলক ৫ টা ভাগত ভাগ কৰি এজন মন্ত্ৰী আৰু এজন অতিৰিক্ত মুখ্য সচিবক পৰ্যবেক্ষক হিচাপে লৈ অনুষ্ঠিত হৈছিল এই বৈঠক।

পুৱা ১০ বজাৰ পৰা নিশা ৯ বজালৈ অনুষ্ঠিত হোৱা বৈঠকত জিলা উপায়ুক্তসকলে তেওঁলোকৰ জিলাৰ বিভিন্ন উন্নয়ন, আঁচনি ৰূপায়ণ, আন্তঃগাঁথনি সন্দৰ্ভত তথ্যসহকাৰে উপস্থাপন কৰে। তাৰ ভিত্তিত পৰ্যবেক্ষক হিচাপে থকা মন্ত্ৰী আৰু অতিৰিক্ত মুখ্য সচিবে তেওঁলোকৰ মন্তব্য লিপিবদ্ধ কৰে।

সোমবাৰে অনুষ্ঠিত হোৱা এই বৈঠকৰ মূল বিষয়বোৰ আজি পুনৰ পৰ্যালোচনা কৰা হ'ব। আনহাতে নিশালৈ ৰাজ্য চৰকাৰে সমষ্টি পৰ্যায়লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ লৈ যোৱাৰ যি প্ৰচেষ্টা সেই সন্দৰ্ভত আলোচনা কৰা হ'ব।

এই আলোচনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, আমি যিহেতু গুৱাহাটীত থাকো জিলাৰ বাস্তৱ অভিজ্ঞতা উপায়ুক্তসকলৰ আছে। আমি কৰিব বিচৰা কামটোত ভুল হ'ব পাৰে, ভাল হ'ব পাৰে, সংশোধনী হ'ব পাৰে। তাৰ ওপৰত আজি পাছবেলা আলোচনা কৰা হ'ব।

ইয়াৰোপৰি তেওঁ কয়, প্ৰতি ৬ মাহৰ মূৰে মূৰে জিলা উপায়ুক্তসকলৰ বৈঠক অনুষ্ঠিত হয়। ৬ মাহৰ পাছত পৰৱৰ্তী বৈঠকখন অনুষ্ঠিত হ'ব উত্তৰ লখিমপুৰত। আনহাতে জুন মাহত আৰক্ষী অধীক্ষকসকলৰ বৈঠক অনুষ্ঠিত হ'ব বঙাইগাঁও জিলাত।

তাৰ পাছত গুৱাহাটীত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষককসকৰ এখন যৌথ বৈঠক অনুষ্ঠিত হ'ব। ইফালে এগৰাকী মন্ত্ৰী আৰু এগৰাকী অতিৰিক্ত মুখ্য সচিবক পৰ্যালোচক হিচাপে লৈ সোমবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ মূল বিষয়বোৰ লৈ আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিত পুনৰ আলোচনা হৈছে।

Also Read: জোনমণি ৰাভাৰ আকস্মিক মৃত্যু, শেষ হ'ল এটি সম্ভাৱনাৰ...

হিমন্ত বিশ্ব শৰ্মা উপায়ুক্ত সন্মিলন