তৎপৰ আনন্দ মিশ্ৰ: আত্মসমৰ্পণ ছয় নকল সোণ মাফিয়াৰ...

তৎপৰ আনন্দ মিশ্ৰ: আত্মসমৰ্পণ ছয় নকল সোণ মাফিয়াৰ...

ডিজিটেল ডেস্ক : সৰৱ আৰক্ষী। এটা ঘটনাই ৰাজ্য কঁপোৱাৰ লগতে আৰক্ষীৰ ভিতৰচ'ৰাক বাৰুকৈয়ে জোকাৰিলে। যাৰ বাবে এতিয়া অপৰাধৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰিছে অসম আৰক্ষী।

নগাঁও জিলাৰ মৰিকলং টাউন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতে ৰাজ্যৰ চৌপাশে এতিয়া অপৰাধৰ বিৰুদ্ধে আৰক্ষীৰ বিশেষ অভিযান। কি নকল সোণ, নকল টকা অথবা ড্ৰাগছ। সকলো আইন বিৰোধী কাৰ্যকলাপৰ বাবে যেন এতিয়া আগতকৈ অধিক সৰৱ অসম আৰক্ষী।

ৰাজ্যজুৰি আন আন অপৰাধৰ লগতে বিশেষভাবে নকল সোণৰ বিৰুদ্ধে চলা ব্যাপক অভিযানত আৰক্ষীৰ জালত পৰিছে এটাৰ পাছত আন এটা কু-খ্যাত অপৰাধী। আনহাতে নকল সোণৰ ঘাটি বুলি চিনাক্ত হোৱা লখিমপুৰত চলিছে বিশেষ অভিযান। জিলাখনৰ নতুন আৰক্ষী অধীক্ষৰ দায়িত্বত আই পি এছ আনন্দ মিশ্ৰক নিয়োগ কৰাৰ পিছতেই যেন ভয়ত কঁপি উঠিছে নকল সোণ মাফিয়া।

যাৰ বাবে লখিমপুৰত এটাৰ পিছত আন এটা নকল সোণ মাফিয়াৰ আত্মসমৰ্পণ কৰা দেখিবলৈ পোৱা গৈছে। মঙলবাৰৰ দিনটোত বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে ছয় নকল সোণ ব্যৱসায়ীয়ে। আত্মসমৰ্পণ কৰা ব্যৱসায়ী কেইজন আছিল আবু ছহিদ ওৰফে লম্বু ছহিদৰ, জাকিৰ হুছেইন, মিজানুৰ ৰহমান ওৰফে মিজু, শ্বাহাবুদ্দিন, ছাইদুল ইছলাম ওৰফে ছাইদুল্লাহ আৰু আব্দুল ৰাজ্জাক।

ইয়াৰে লম্বু ছহিদ লখিমপুৰৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কোষাধ্যক্ষ আছিল। তদুপৰি আত্মসমৰ্পিত লম্বু ছহিদ আছিল নকল সোণ আৰু জাল নোট চক্রৰ মাষ্টাৰমাইণ্ড। মাষ্টাৰমাইণ্ড গৰাকীৰ আত্মসমৰ্পণৰ খবৰ বিয়পাৰ লগে লগে লখিমপুৰবাসীয়ে ইয়াৰ কৃতিত্ব আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক দিয়াৰ পৰিলক্ষিত হয়। উল্লেখ্য যে, বুধবাৰৰ পুৱতি নিশা পৰ্যন্ত প্ৰায় ১৪ জন নকল সোণ আৰু জাল নোট ব্যৱসায়ীয়ে আত্মসমৰ্পণ কৰে।

তৎপৰ আনন্দ মিশ্ৰ: আত্মসমৰ্পণ ছয় নকল সোণ মাফিয়াৰ...
দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে; ৯৩.৩৩ শতাংশ নম্বৰৰে উজলিল হিমাংশু বৰুৱা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in