''মোডী নিৰক্ষৰ, ভাৰতক প্ৰয়োজন এজন শিক্ষিত প্ৰধানমন্ত্ৰীৰ''

বৰ্তমান দেশৰ ৰাজনৈতিক পৰিস্থিতি গৰম। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাছতেই বিভিন্ন দলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

author-image
Asomiya Pratidin
New Update
অসমৰ বদন হিমন্ত! প্ৰধানমন্ত্ৰীক ‘ফেঁকু’ সম্বোধন… চাওক VIDEO

ডিজিটেল ডেস্কঃ বৰ্তমান দেশৰ ৰাজনৈতিক পৰিস্থিতি গৰম। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাছতেই বিভিন্ন দলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। একপ্ৰকাৰ সকলো বিৰোধী প্ৰায় একগোট হৈ পৰিছিল।

Advertisment

ইয়াৰ মাজতে আম আদমী পাৰ্টীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ কটাক্ষ মূলক মন্তব্য কৰে। বৃহস্পতিবাৰে আপে কয় যে ঘৃণা বন্ধ কৰিবলৈ, নীতি প্ৰস্তুত কৰিবলৈ দেশক এজন শিক্ষিত প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন।

"মোডী হটাও-দেশ বচাও" নামৰ এটা অভিযান আৰম্ভ কৰাৰ পূৰ্বে এখন সংবাদমেল সম্বোধন কৰি আপৰ নেতা নৱাব নাছিৰ আমানে কয় যে এজন "নিৰক্ষৰ ব্যক্তিয়ে এখন দেশ চলাব নোৱাৰে।"

তেওঁ কয় যে, প্ৰধানমন্ত্ৰী মোডী নিৰক্ষৰ। নীতি প্ৰস্তুত কৰিবলৈ, ঘৃণা বন্ধ কৰিবলৈ ভাৰতক এজন শিক্ষিত ব্যক্তিৰ প্ৰয়োজন ।

লগতে কয় যে, যদি আমি দেশক বচাব লগা হয়, যদি আমি চৰ্দাৰ বল্লভভাই পেটেল, এম কে গান্ধী বা জৱাহৰলাল নেহৰুৰ সপোন বাস্তৱায়িত কৰিব বিচাৰো , তেন্তে নৰেন্দ্ৰ মোডী যাব লাগিব। মোডীয়ে তেওঁৰ লাভৰ বাবে ন্যায়ালয়, ইডি আৰু চিবিআইৰ দৰে সংস্থাৰ অপ-ব্যৱহাৰ কৰি আছে। আমি স্বাধীনতাৰ বাবে আকৌ যুঁজিব লাগিব। আমি এজন শিক্ষিত প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰিব লাগিব।

উল্লেখ্য যে, আজিৰ পৰা আপে মোডী হটাও দেশ বচাও কাৰ্যসূচী আৰম্ভ কৰিছে। ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত আপে মোডী বিৰোধী পোষ্টাৰ লগাইছে। কেইবাটাও ভাষা ব্যৱহাৰ কৰি এই পোষ্টাৰ লগাইছে আপে।

Also Read: গুজৰাটৰ মাধৱপুৰ উৎসৱত অসমৰ ২৪০ জনীয়া বৃহৎ দল...

aap bjp